ইন্টাৰনেশ্যনেল ডেস্ক, 4 জুন : আমেৰিকাৰ ইণ্ডিয়ানাত প্ৰায় 60 গৰাকী প্ৰতিবাদকাৰীৰ এটা দল পাৰ হৈ যোৱাৰ সময়ত সাধাৰণ লোকে ৰাইফল লৈ থকা এক ভিডিঅ' ভাইৰেল হৈ পৰিছে ৷ ভিডিঅ'টো ইণ্ডিয়ানাৰ ক্ৰাউন পইন্টত সোমবাৰে সংগ্ৰহ কৰা হৈছিল ৷ ইয়াৰ পাচতে অনলাইন মাধ্যমেৰে ভিডিঅ'টো সকলোতে বিয়পি পৰিছিল ৷
25 মে'ত আমেৰিকান-আফ্ৰিকান জৰ্জ ফ্লইড নামৰ লোকজনক আৰক্ষী বিষয়াই ডিঙিত গছকি হত্যা কৰাৰ পাচৰে পৰাই দেশখনত প্ৰতিবাদৰ সূচনা হৈছিল ৷ হেণ্ডকাফ লগাই এজন আৰক্ষী বিষয়াই ডিঙিত গছকি ধৰাৰ সময়ত ফ্লইডে নিজৰ প্ৰাণ ভিক্ষা কৰিছিল ৷