ETV Bharat / international

আমাজন দাৱানল : যুদ্ধযানেৰে জুই নুমুওৱাৰ প্ৰচেষ্টা অব্যাহত

author img

By

Published : Aug 27, 2019, 5:35 PM IST

ব্ৰাজিলৰ যুদ্ধযানেৰে জুইত বিধ্বস্ত আমাজনক ৰক্ষা কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ব্ৰাজিল চৰকাৰে ৷ চৰকাৰে প্ৰকাশ কৰা এক ভিডিঅ'ত এই কথা উল্লেখ কৰা হৈছে ৷ পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ বৰ্ষাৰণ্যখন এনেদৰে জুইত জাহ যোৱাৰ উপক্ৰম হোৱাত উদ্বিগ্নতা প্ৰকাশ কৰিছিল বিশ্বৰ সকলো প্ৰান্তৰ প্ৰকৃতিপ্ৰেমীয়ে ৷

আমাজন দাৱানল

ইন্টাৰনেশ্বনেল ডেস্ক, 27 আগষ্ট : ব্ৰাজিলৰ যুদ্ধযানেৰে জুইত বিধ্বস্ত আমাজনক ৰক্ষা কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ব্ৰাজিল চৰকাৰে ৷ চৰকাৰে প্ৰকাশ কৰা এক ভিডিঅ'ত এই কথা উল্লেখ কৰা হৈছে ৷ পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ বৰ্ষাৰণ্যখন এনেদৰে জুইত জাহ যোৱাৰ উপক্ৰম হোৱাত উদ্বিগ্নতা প্ৰকাশ কৰিছিল বিশ্বৰ সকলো প্ৰান্তৰ প্ৰকৃতিপ্ৰেমীয়ে ৷

দেওবাৰ পৰ্যন্ত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জেয়াৰ ব'লচোনাৰুয়ে দেশৰ সাতখনকৈ ৰাজ্যত আমাজনৰ জুই নুমুওৱাৰ উদ্দেশ্যে সামৰিক বাহিনী নিযুক্তি দিছিল ৷ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ দ্বাৰা প্ৰচাৰিত ভিডিঅ'টোত প্ৰত্যক্ষ কৰা হৈছে যে, সামৰিক বাহিনীৰ দুখন বৃহৎ বিমানৰ জৰিয়তে হাজাৰ হাজাৰ লিটাৰ পানী ঢালি অগ্নিনিৰ্বাপনৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে ৷

উল্লেখ্য যে, জি-7 অভিৱৰ্তনৰ সময়ত বিশ্বৰ শীৰ্ষ নেতাসকলে এই সম্পৰ্কত উদ্বিগ্নতা প্ৰকাশ কৰাৰ পাছতে ব্ৰাজিল চৰকাৰে এইদৰে ব্যৱস্থা গ্ৰহণ কৰে ৷ আনহাতে, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰণে মন্তব্য কৰিছিল যে, আমাজনৰ জুইৰ ফলত আক্ৰান্ত হোৱা সকলোবোৰ দেশলৈ কাৰিকৰী আৰু আৰ্থিক সাহাৰ্য প্ৰদান কৰা হ'ব ৷

আমাজন হৈছে পৃথিৱীৰ সৰ্ববৃহৎ বৰ্ষাৰণ্য আৰু বতৰ পৰিৱৰ্তনৰ বিপৰীতে যুঁজ দিবৰ বাবে এই বৰ্ষাৰণ্য খনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে যিহেতু বহু পৰিমাণৰ কাৰ্বন - ডাই - অক্সাইড আমাজনে শুহি লয় ৷ আমাজনৰ অগ্নিকাণ্ডৰ পাছতে ব্ৰাজিলৰ বতৰ বিজ্ঞানী কাৰ্লোছ নব্ৰেই চিন্তিত হৈ পৰিছে আৰু মন্তব্য কৰিছে যে, পৰিস্থিতিতন্ত্ৰৰ প্ৰায় 20-25% সম্পূৰ্ণৰূপে ধংস হৈ পৰিছে ৷

Intro:Body:

Reforest Europe, Brazil tells G7, rejecting $20 mn aid to fight Amazon 

https://www.thehindu.com/news/international/brazil-rejects-g7-aid-to-fight-amazon-fires/article29267291.ece

Brazil’s Jair Bolsonaro causes global outrage over Amazon fires: https://www.thehindu.com/news/international/brazils-bolsonaro-causes-global-outrage-over-amazon-fires/article29258494.ece

Warplanes dump water on Amazon as Brazil military begins fighting fires: 

https://www.thehindu.com/news/international/warplanes-dump-water-on-amazon-as-brazil-military-begins-fighting-fires/article29255355.ece

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.