ETV Bharat / international

বিশাখাপট্টনম গেছ নিৰ্গমণ ঘটনাৰ সম্পূৰ্ণ তদন্ত হোৱাৰ প্ৰয়োজন : ৰাষ্ট্ৰসংঘৰ মহাসচিব

author img

By

Published : May 8, 2020, 9:29 AM IST

বিশাখাপট্টনৰ LG পলিমাৰ প্লান্টত সংঘটিত হোৱা গেছ নিৰ্গমণৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ ৰাষ্ট্ৰসংঘৰ মহাসচিব এন্ট'নিঅ' গুটেৰেছৰ । এই ঘটনাৰ সম্পূৰ্ণ তদন্ত হ'ব লাগে বুলি উল্লেখ কৰে মহাসচিবগৰাকীয়ে ।

Vizag chemical plant gas leak incident needs to be fully investigated: UN chief

নিউজ ডেস্ক, ৮ মে': বৃহস্পতিবাৰে বিশাখাপট্টনৰ LG পলিমাৰ প্লান্টত সংঘটিত হৈছিল এক ভয়ংকৰ ঘটনা । গেছ নিৰ্গমণৰ ফলত ১১ জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰভাৱিত হৈছিল প্ৰায় ১০০০ তকৈ অধিক লোক । এই ঘটনাৰ পাচতেই ৰাষ্ট্ৰসংঘৰ মহাসচিব এন্ট'নিঅ' গুটেৰেছৰ প্ৰতিক্ৰিয়া প্ৰকাশ । এই ঘটনাৰ সম্পূৰ্ণ উচিত তদন্তৰ পোষকতা কৰিছে ৰাষ্ট্ৰসংঘৰ মহাসচিবগৰাকীয়ে ।

আনহাতে ৰাষ্ট্ৰসংঘৰ মুখপত্ৰ ষ্টেফেন ডুজাৰিকেও এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, আমি আমাৰ ফালৰ পৰা ভুক্তভোগী সকললৈ সমবেদনা প্ৰেৰণ কৰিছো । তেওঁলোকৰ শীঘ্ৰে আৰোগ্য হোৱাটো কামনা কৰিছো । মই ভাৱো এনে ধৰণৰ ঘটনাৰ সম্পূৰ্ণ তদন্ত হোৱা প্ৰয়োজন । তেওঁক এই ঘটনাৰ বিষয়ে প্ৰশ্ন কৰাত এনে দৰে কৈছিল ডুজাৰিকে ।

এই ঘটনাত মৃত্য়ু হোৱা ১১ জন লোকৰ ভিতৰত আছে দুজন ৬ আৰু ৯ বছৰীয়া শিশু, এজন মেডিকেল শিক্ষাৰ্থীও । ইয়াৰ পাচতেই অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীয়ে মৃতকৰ পৰিয়ালক সহায়ৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল । মৃতকৰ পৰিয়ালসমূহক এল.জি পলিমাৰ উদ্যোগৰ পৰা 1 কোটি টকাকৈ ক্ষতিপূৰণ দিয়াৰ লগতে আহত লোকসকলৰ বাবে 10 লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰে ৷ আহত লোকসকলৰ বৰ্তমান ভেণ্টিলেটৰত চিকিৎসাধীন হৈ আছে । আনহাতে বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা সকলক 1 লাখ টকাকৈ প্ৰদান কৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । ইয়াৰোপৰি সামান্য ৰোগত ভোগা সকলক 25 হাজাৰ টকাকৈ প্ৰদান কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.