ETV Bharat / international

আমেৰিকাই চীনক ভয় নকৰে: নিমিটজ, ৰোনাল্ড ৰিগন সন্দৰ্ভত আমেৰিকাৰ স্পষ্ট মন্তব্য - ইউএছএছ নিমিটজ (CVN 68)

দক্ষিণ চীন সাগৰত চীনৰ আগ্ৰাসী আধিপত্যৰ লগতে শেহতীয়া পৰিস্থিতিৰ মাজতে আমেৰিকাই আমেৰিকান নৌ-সেনাৰ অন্যতম শক্তিশালী যুদ্ধবিমান পৰিৱহনকাৰী জাহাজ, নিমিটজ আৰু ৰোনাল্ড ৰেগনক ইয়ালৈ প্ৰেৰণ কৰিছে ৷ দক্ষিণ চীন সাগৰীয় অঞ্চলত সামৰিক প্ৰশিক্ষণত অংশগ্ৰহণ কৰাৰ বাবেই আমেৰিকাই দুয়োখন বিমান পৰিৱহনকাৰী যুদ্ধজাহাজ ইয়ালৈ প্ৰেৰণ কৰাৰ কথা প্ৰকাশ কৰিছে ৷ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলটোত বিনামুলীয়া আৰু মুক্ত পৰিৱহনৰ বাবে এই অনুশীলনত অংশগ্ৰহণ কৰাৰ কথা স্বীকাৰ কৰিছে আমেৰিকাৰ নৌ-সেনাই ৷

USS Nimitz, USS Ronald Reagan not intimidated: US over Chinese media's threat

author img

By

Published : Jul 6, 2020, 5:58 PM IST

নিউজ ডেস্ক, 6 জুলাই : বহু বিবাদিত দক্ষিণ চীন সাগৰলৈ আমেৰিকাই ইয়াৰ নৌ-সেনাৰ অন্যতম শক্তিশালী বিমান পৰিৱহনকাৰী যুদ্ধজাহাজ প্ৰেৰণ কৰিছে ৷ নিমিটজ ক্লাছৰ ইউএছএছ নিমিটজ আৰু ইউএছএছ ৰোনাল্ড ৰেগনক এইটো অঞ্চলত নিয়োগ কৰিছে আমেৰিকান নৌ-সেনাই ৷ আমেৰিকান নৌ-সেনাৰ তথ্য বিভাগৰ প্ৰধানে এই কথা স্পষ্ট কৰিছে আৰু চীনৰ সংবাদমাধ্যমত প্ৰকাশ পোৱাৰ দৰে বিমান পৰিৱহনকাৰী যুদ্ধজাহাজ বিৰোধী অস্ত্ৰ মজুত থকাৰ কথাক কোনো ভয় নকৰে বুলিও উল্লেখ কৰিছে ৷ দক্ষিণ চীন সাগৰত অনুশীলনৰ বাবে এইদৰে বিমান পৰিৱহনকাৰী জাহাজ প্ৰেৰণ কৰা বুলি আমেৰিকান নৌ-সেনাই প্ৰকাশ কৰিছে যদিও, দক্ষিণ চীন সাগৰত আগ্ৰাসী ৰূপত বৃদ্ধি পোৱা চীনৰ গতি-বিধি ৰোধ কৰিবলৈ আমেৰিকাই দুয়োখন জাহাজ প্ৰেৰণ কৰাটো স্পষ্ট হৈ পৰিছে ৷

দক্ষিণ চীন সাগৰলৈ বুলি আমেৰিকাই প্ৰেৰণ কৰা বিমান পৰিৱহনকাৰী জাহাজৰ সৈতে মুখামুখি হ'ব পৰাকৈ চীনৰ হাতত ডংফেং 21 ডি আৰু ডংফেং 26ৰ দৰে অস্ত্ৰপ্ৰণালী মজুত আছে বুলি চীনৰ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে ৷ দক্ষিণ চীন সাগৰ সম্পূৰ্ণৰূপে পিএলএৰ আওতাত আছে বুলি চীনৰ গ্লোবেল টাইমছে প্ৰতিবেদন প্ৰকাশ কৰিছে ৷ গ্লোবেল টাইমছৰ এই প্ৰতিবেদনৰ প্ৰত্যুত্তৰত আমেৰিকান নৌ-সেনাৰ মুখ্য তথ্য বিষয়াগৰাকীয়ে কয় যে, চীনৰ হাতত ডংফেং থকাৰ পিচতো আমাৰ জাহাজ এইটো অঞ্চলত গৈ উপস্থিত হৈছে ৷ নিমিটজ আৰু ৰেগন আমাৰ অনুমতি অবিহনে দক্ষিণ চীন সাগৰৰ পৰা লৰচৰ নকৰে ৷

আমেৰিকান নৌ-সেনাই তেওঁলোকৰ বিমান পৰিৱহনকাৰী ফ্লীটৰ অন্যতম শক্তিশালী নিমিটজ ক্লাছৰ এইদুখন জাহাজ দক্ষিণ চীন সাগৰত বিনামুলীয়া আৰু মুক্ত ভাৰত-প্ৰশান্ত মহাসাগৰ অঞ্চলৰ বাবে অনুশীলনত অংশগ্ৰহণ কৰাৰ বাবে উপস্থিত হৈছে বুলি জনাইছে ৷ দুয়োখন বিমান পৰিৱহনকাৰী জাহাজে অন্যান্য চাৰিখন যুদ্ধজাহাজৰ সৈতে এইটো অঞ্চলত বিমান পৰিৱহনকাৰী জাহাজৰ পৰা উৰা মৰা বিমানৰ আক্ৰমণকাৰী সক্ষমতা পৰীক্ষণ কৰাৰ লগতে প্ৰতিটো মুহুৰ্ততে ইয়াক নিৰীক্ষণ কৰিব ৷ কিন্তু আচৰিত কথাটো হৈছে এতিয়ালৈকে এইটো অঞ্চলত আমেৰিকান আৰু চীনা নৌ-জাহাজে কেতিয়াও একেলগে সাগৰীয় যুদ্ধ অনুশীলন অথবা অভ্যাসত মিলিত হোৱা নাই ৷

"মই নিশ্চিতি দিও যে, ইউএছএছ নিমিটজ (CVN 68) আৰু ইউএছএছ ৰোনাল্ড ৰেগন (CVN 76) দুয়োখন জাহাজে মুক্ত আৰু বিনামুলীয়া ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বাবে দক্ষিণ চীন সাগৰত এইদৰে অনুশীলনত অংশগ্ৰহণ কৰিছে ৷ উচ্চ-সংহতিপূৰ্ণ সামৰিক সক্ষমতাৰে দুয়োখন জাহাজ শক্তিশালী আৰু ইয়াৰ গতি তথা চলাচলৰ তুলনা কৰিব পৰা দ্বিতীয় বিমান পৰিৱহনকাৰী জাহাজ নাই আৰু ইয়াৰ অস্ত্ৰচালনাৰ সক্ষমতাই ইয়াক যিকোনো পৰিৱেশতে খাপ খুৱাই ৰাখিবলৈ সক্ষম" বুলি প্ৰকাশ কৰে আমেৰিকান নৌ-সেনাৰ ৰোনল্ড ৰেগন কেৰিয়াৰ ষ্ট্ৰাইক গ্ৰুপৰ এপিআৰ তথা মেডিকেল, জনসম্পৰ্কৰক্ষী বিষয়া, লেফ. কমোডৰ চীন ব্ৰফিয়ে ৷ "এইসমূহ সক্ষমতাই আমেৰিকান নৌ-সেনাক আন্তঃৰাষ্ট্ৰীয় আইনৰ অধীনত বিশ্বৰ যিকোনো প্ৰান্ততে বিমান উৰাবলৈ, জাহাজ চলাবলৈ আৰু কাম কৰিবলৈ অনুমতি প্ৰদান কৰে ৷ এই সুযোগে দুয়োখন পৰিৱহনকাৰী জাহাজৰ গোটৰ কামাণ্ডাৰসকলক অপাৰেশ্বনেল দিশত কাৰ্যকৰী আৰু সঠিক সফলতা প্ৰদান কৰিছে আৰু ইয়াক একমাত্ৰ আমেৰিকান নৌ-সেনাইহে নিৰ্দেশ প্ৰদান কৰিব" লেফ. কমোডৰগৰাকীয়ে লগতে এইদৰেও প্ৰকাশ কৰে ৷

আমেৰিকাৰ নৌ-সেনাই আগৰে পৰাই দক্ষিণ চীন সাগৰত নিজৰ জাহাজৰ অৱস্থিতি ৰাখিছে যদিও শেহতীয়াকৈ বিবাদিত পাৰাচেল দ্বীপপুঞ্জৰ কাষত চীনে আৰম্ভ কৰা আগ্ৰাসী অভিযানৰ বাবে আমেৰিকাকে ধৰি অন্যান্য দেশসমূহে ইয়াৰ বিৰোধিতা কৰে, কিন্তু চীনে এই আপত্তিৰ প্ৰতি কোনো আওকান নকৰাৰ বাবে আমেৰিকাই নিজৰ যুদ্ধবিমান পৰিৱহনকাৰী জাহাজ এইটো অঞ্চলত নিয়োগ কৰিছে ৷ আমেৰিকাৰ এই দুয়োখন বিমান পৰিৱহনকাৰী জাহাজ পাৰমানৱিক সক্ষমতাৰে পৰিপূৰ্ণ আৰু শেহতীয়াকৈ ইয়াক দক্ষিণ চীন সাগৰত নিয়োগ কৰাটোৱে বেইজিং আৰু ৱাশ্বিংটনৰ মাজত হংকংকে ধৰি অন্যান্য দিশৰ ক্ষেত্ৰত উদ্ভৱ হোৱা পৰিস্থিতিক লৈ আমেৰিকাৰ শক্তিক প্ৰদৰ্শন কৰিছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.