ইন্টাৰনেশ্যনেল ডেস্ক, 9 মে' : আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি মাইক পেঞ্চেৰ প্ৰেছ সচিব আক্ৰান্ত হৈছে কৰ'ণা ভাইৰাছত ৷ শুকুৰবাৰে এই কথা প্ৰকাশ কৰিছে হোৱাইট হাউছে ৷ ইয়াৰ ফলত এটা সপ্তাহৰ ভিতৰতে হোৱাইট হাউছত কৰ্মৰত দ্বিতীয়গৰাকী ব্যক্ত আক্ৰান্ত হ'ল কৰ'ণা ভাইৰাছত ৷
পেঞ্চেৰ প্ৰেছ সচিবৰ আক্ৰান্তক লৈ কোনো কাৰণতে চিন্তিত নহয় বুলি মন্তব্য আগবঢ়াইছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ৷ আনহাতে, হোৱাইট হাউছত সাৱধানতামূলক প্ৰট'কলৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷
প্ৰেছ সচিব কেটি মিলাৰে কিছুদিন পূৰ্বে পেঞ্চেৰ সংস্পৰ্শলৈ আহিছিল যদিও ট্ৰাম্পৰ সংস্পৰ্শলৈ অহা নাই বুলি প্ৰকাশ ৷ আনহাতে, ট্ৰাম্পৰ এজন শীৰ্ষ উপদেষ্টা ষ্টিফেন মিলাৰৰ পত্নী হৈছে কেটি মিলাৰ ৷
ষ্টিফেন মিলাৰো কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে নেকি অথবা হোৱাইট হাউছৰ পৰা তেওঁ এতিয়াও কৰ্তব্যৰত নেকি সেই সম্পৰ্কত হোৱাইট হাউছে বৰ্তমান কোনো তথ্য প্ৰদান কৰা নাই ৷
উল্লেখ্য যে, ট্ৰাম্পৰ এগৰাকী প্ৰতিৰক্ষা সহযোগী কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ এদিন পাচতে কেটি মিলাৰ আক্ৰান্ত হৈছে ৷ মিলাৰৰ সৈতে সংস্পৰ্শলৈ অহা ছয় জন লোক শুকুৰবাৰে পেঞ্চেৰ সৈতে ডেছ মইনছলৈ উৰা মৰাৰ কথা আছিল ৷ কিন্তু সংস্পৰ্শলৈ অহাৰ সম্ভেদ পাই বিমান উৰা মৰাৰ পূৰ্বে তেওঁলোকৰ ভ্ৰমণ বাতিল কৰা হয় বুলি জানিবলৈ দিয়ে শীৰ্ষ বিষয়াই ৷
ইয়াৰ পাচতে লোককেইজনৰ পৰীক্ষণ কৰা হয় আৰু তেওঁলোকক নেগেটিভ পোৱা যায় ৷ আনহাতে, প্ৰতিদিনে পৰীক্ষা কৰি আছে উপ-ৰাষ্ট্ৰপতি পেঞ্চেই ৷ আক্ৰান্ত মিলাৰে কয় যে,তেওঁ বৰ্তমান সুস্থ অৱস্থাত আছে আৰু অতি সোনকালে কৰ্মস্থানলৈ উভতিব বিচাৰে ৷