নিউজ ডেস্ক, 7 নৱেম্বৰঃ বিশ্ববাসীৰ দৃষ্টি আৱদ্ধ হৈ আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ৷ সম্প্ৰতি আমেৰিকাৰ নিৰ্বাচনত জয়ৰ দিশে গতি কৰিছে ডেমক্ৰেটিক দলৰ মনোনিত প্ৰাৰ্থী জ্ৰ বিডেন ৷ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোট গণনাত জৰ্জিয়া আৰু পেনছ'লভিয়াত অগ্ৰগতি লাভ কৰি থকাৰ পিচতে সংখ্যাবোৰে জয়ৰ স্পষ্ট ইংগিত দিছে বুলি মন্তব্য প্ৰকাশ কৰিছে জ্ৰ বিডেনে ৷
ডা'ৱেলৰ উইলমিংটনৰ চেজ চেণ্টাৰত জনতাক সম্বোধন কৰি জ্ৰ বিডেনে কয়, বিজয়ৰ আনুষ্ঠানিকতা ঘোষণা কৰা হোৱা নাই যদিও বৰ্তমানৰ অগ্ৰগতি লাভ কৰা সংখ্যাবোৰে জয়ৰ নিশ্চিত ইংগিত বহন কৰিছে ৷ তেওঁ লগতে কয়, জৰ্জিয়া আৰু পেনছ'লভিয়াত যোৱা 24 ঘন্টাত পিছপৰি থকাৰ পাছতো এতিয়া ডেমক্ৰেটিক দলটো বিপুল ভোটত আগবাঢ়ি আছে ৷ সেয়েহে স্পষ্টভাৱে ক'ব পাৰো, অতি সোনকালে ৱাইট হাউছ আমি দখল কৰিব গৈ আছো ৷ তদুপৰি 75 মিলিয়ন ভোট লাভ কৰি থকা ডেমক্ৰেটিক দলটোৱে আমেৰিকাৰ ইতিহাসত সৰ্বোচ্চ ভোটত অগ্ৰগতি লাভ কৰাৰ কথাও প্ৰকাশ কৰিলে জ্ৰ বিডেনে ৷ উল্লেখ্য যে, পেনছ'লভিয়া সমষ্টিত প্ৰথমবাৰৰ বাবে পৰাজয়ৰ দিশে গতি কৰিছে ডনাল্ড ট্ৰাম্প ৷
ইফালে অৰিজোনাত 11 খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে জৰ্জিয়াত 16 খন আসন, নেভাডাত 6 খন আসন আৰু পেনছ'লভিয়াত 20 খন আসনত আগবাঢ়ি আছে জ্ৰ বিডেনে ৷ ইয়াৰ সমান্তৰালভাৱে CNN ৰ প্ৰকাশিত তথ্য অনুসৰি ডনাল্ড ট্ৰাম্পতকৈ 27,130 টা ভোটত অগ্ৰগতি লাভ কৰিছে জ্ৰ বিডেনে ৷