ETV Bharat / international

কেপিটলৰ আৰক্ষীয়ে শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে অবিশ্বাস ভোটৰ আয়োজন কৰিব - US Capitol police to hold no-confidence vote against senior leadership

৬ জানুৱাৰীত প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ সমৰ্থকে আক্ৰমণ কৰিছিল কেপিটল হিলত । আৰক্ষীৰ বিফলতাক লৈ বিভিন্ন মহলত প্ৰশ্ন উঠিছিল । কেপিটল আৰক্ষী আৰু মেট্ৰ'পলিটান আৰক্ষী বাহিনীৰ ১৪০ ৰো অধিক আৰক্ষী বিষয়া আহত হৈছিল এই ঘটনাত ।

কেপিটলৰ আৰক্ষীয়ে শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে অবিশ্বাস ভোটৰ আয়োজন কৰিব

author img

By

Published : Feb 11, 2021, 7:18 PM IST

নিউজ ডেস্ক, ১১ ফেব্ৰুৱাৰী: ৬ জানুৱাৰীত প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ সমৰ্থকে আক্ৰমণ কৰিছিল কেপিটল হিলত । পৰ্যাপ্ত আৰক্ষী থকাৰ পিছতো কেপিটলত হিংসাত্মক ঘটনা সংঘটিত কৰিবলৈ সক্ষম হৈছিল প্ৰতিবাদকাৰীসকল । ইয়াৰ পিছতে আৰক্ষীৰ বিফলতাক লৈ বিভিন্ন মহলত প্ৰশ্ন উঠিছিল । একাংশ শীৰ্ষ আৰক্ষী বিষয়া এই ক্ষেত্ৰত ব্য়ৰ্থ হোৱাৰো অভিযোগ উত্থাপন হৈছিল । সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য় অনুসৰি কেপিটল আৰক্ষী আৰু মেট্ৰ'পলিটান আৰক্ষী বাহিনীৰ ১৪০ ৰো অধিক আৰক্ষী বিষয়া আহত হৈছিল এই ঘটনাত । যাৰ বাবে শীৰ্ষ আৰক্ষী বিষয়াসকলৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে কেপিটল পুলিচ ইউনিয়নে । আৰক্ষী বিষয়াসকলৰ বিৰুদ্ধে অবিশ্বাসৰ ভোট অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে ইউনিয়নে ।

কেপিটল পুলিচ ইউনিয়নৰ কাৰ্যবাহী পৰিষদে ইতিমধ্য়ে কাৰ্য্যকৰী অধ্য়ক্ষ যোগনান্দ পিটমেন, সহকাৰী অধ্য়ক্ষ চাদ থমাছ, কাৰ্যকৰী সহকাৰী অধ্য়ক্ষ শন গাল্লাৰ, আৰু উপাধ্য়ক্ষ তীমথি বোৱেন, জেফ্ৰি পিকেট আৰু এৰিক ৱালডোকে ধৰি জ্যেষ্ঠ নেতৃত্বৰ সদস্যসকলৰ বিৰুদ্ধে এই সপ্তাহতে অবিশ্বাস ভোটৰ বাবে আহ্বান জনায় । নেতৃত্বৰ বিফলতাৰ বাবে ইয়াতকৈ বিকল্প নাই বুলি এক বিবৃতিযোগে জনালে কেপিটল পুলিচ ইউনিয়নৰ অধ্যক্ষ গুছ পাপাথানাচিওৱে । উল্লেখ যে, ৬ জানুৱাৰীৰ ঘটনাত পাঁচজন লোকৰ মৃত্যু হৈছিল ।

লগতে পঢ়ক:চীনৰ গৱেষণাগাৰত ভাইৰাছৰ উৎপত্তিৰ সম্ভাৱনা নাই: বিশ্ব স্বাস্থ্য সংস্থা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.