ETV Bharat / international

আমেৰিকা কেপিট’ল হিল ঘেৰাও : মেলেনিয়া ট্ৰাম্পৰ চীফ অৱ ষ্টাফৰ পদত্যাগ - কেপিট’ল

আমেৰিকা কেপিট’লত অব্যাহত থকা ড’নাল্ড ট্ৰাম্পৰ সমৰ্থক আৰু আৰক্ষীৰ মাজত হোৱা হতাহতিৰ মাজতে ফাৰ্ষ্ট লেডী মেলেনিয়া ট্ৰাম্পৰ চীফ অৱ ষ্টাফ ষ্টেফনী গ্ৰিশমেও পদত্যাগ কৰে ৷ এই হিংসাৰ মাজতে এগৰাকী মহিলা গুলিবিদ্ধ হৈ নিহত হয় ৷

US Capitol hill siege
আমেৰিকা কেপিটোল ঘেৰাও
author img

By

Published : Jan 7, 2021, 10:49 AM IST

Updated : Jan 7, 2021, 1:01 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,7 জানুৱাৰী : আমেৰিকা কেপিট’ল হিলৰ বাহিৰত প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সমৰ্থক আৰু আৰক্ষীৰ মাজত হতাহতিৰ সৃষ্টি হোৱাৰ অন্তত সেই ঠাইত বেৰিকেড দিয়া হয় ৷

এই হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ মাজতে হোৱাইট হাউছৰ উপ প্ৰেছ সচিব চাৰা মেত্থুজে ট্ৰাম্প প্ৰশাসনৰ পৰা পদত্যাগ কৰে ৷ আনহাতে, ফাৰ্ষ্ট লেডী মেলেনিয়া ট্ৰাম্পৰ চীফ অৱ ষ্টাফ ষ্টেফনী গ্ৰিশমেও পদত্যাগ কৰে ৷

US Capitol hill siege
আমেৰিকা কেপিটোল ঘেৰাও

নিৰ্বাচনী সংক্ৰান্ত ড’নাল্ড ট্ৰাম্পে দিয়া ভাষণৰ অন্তত আমেৰিকাৰ কেপিট’ল হিলৰ বাহিৰত ট্ৰাম্পৰ সমৰ্থক আৰু আৰক্ষী বাহিনীয়ে সংঘৰ্ষত লিপ্ত হোৱা পৰিলক্ষিত হয় ৷ ইয়াৰ পাচতে সম্পূৰ্ণ কেপিট’ল হিল স্তব্ধ কৰি দিয়া হয় ৷ এই হিংসাৰ মাজতে এগৰাকী মহিলা গুলিবিদ্ধ হৈ নিহত হোৱা বুলি জানিব পৰা গৈছে ৷

আনহাতে, বাহিৰৰ অসুৰক্ষিত পৰিস্থিতিৰ বাবে কেপিট’লৰ ভিতৰৰ কোনো ব্যক্তি বাহিৰলৈ ওলাই নাযাবলৈ অনুৰোধ জনোৱা হয় ৷ যেতিয়া নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বাইডেনৰ সৈতে সাংসদসকল কেপিট’ল হিলৰ ভিতৰত বহি আছিল, তেতিয়াই আমেৰিকা কেপিট’ল আৰক্ষীয়ে ভিতৰৰ সুৰক্ষাৰ উলংঘনৰ ঘোষণা কৰে ৷

US Capitol hill siege
আমেৰিকা কেপিটোল ঘেৰাও

হিংসাত্মক কাৰ্যৰ মাজতে ট্ৰাম্পৰ সদস্যসকলে কেপিট’ল হিলৰ চিৰি ভাঙি পেলায় ৷ হিংসাত্মক কাৰ্যস্থলীত এক সন্দেহজনক পেকেট উদ্ধাৰ কৰা বুলি কেপিট’ল আৰক্ষীয়ে সদৰি কৰে ৷

উল্লেখ্য যে, সংসদৰ যুটীয়া অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে ট্ৰাম্পে নিৰ্বাচনত তেওঁৰ পৰাজয় স্বীকাৰ নকৰাৰ কথা উল্লেখ কৰে ৷ ইয়াৰোপৰি ভোটগণনাত বিসংগতি হৈছে আৰু এই বিসংগতি জ’ বাইডেনৰ পক্ষলৈ গৈছে বুলি ট্ৰাম্পে অভিযোগ উত্থাপন কৰে ৷

ৱাশ্বিংটন ডিচিত সহস্ৰাধিক সমৰ্থকক সম্বোধন কৰিও ট্ৰাম্পে এই কথা উল্লেখ কৰে আৰু তেওঁ কোনোপধ্যে নিজৰ পৰাজয় স্বীকাৰ নকৰে বুলি হুংকাৰ প্ৰদান কৰিছিল ৷ এঘণ্টাৰো অধিক সময় ভাষণ প্ৰদান কৰি তেওঁ এই নিৰ্বাচনত এক মহত্বপূৰ্ণ জয়লাভ কৰা বুলি দাবী কৰা পৰিলক্ষিত হৈছিল ৷

লগতে পঢ়ক : ২০ ফেব্ৰুৱাৰী পৰ্যন্ত বন্ধ থাকিব ইংলেণ্ডস্থিত ভাৰতীয় দূতাবাসৰ সকলো সেৱা

Last Updated : Jan 7, 2021, 1:01 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.