ইন্টাৰনেশ্যনেল ডেস্ক, 14 এপ্ৰিল : আমেৰিকাৰ প্ৰধানমন্ত্ৰী ড'নাল্ড ট্ৰাম্প প্ৰশাসনে 155 মিলিয়ন আমেৰিকান ডলাৰৰ এন্টি চিপ মিছাইল আৰু টৰ্পিডো ভাৰতক বিক্ৰীৰ বাবে অনুমতি প্ৰদান কৰে ৷ ইয়াৰ জৰিয়তে ভাৰতে প্ৰতিৰক্ষাজনিত ভাবুকি আৰু দেশৰ সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিবলৈ সক্ষম হ'ব ৷
উল্লেখ্য যে, 2016 চনতে ৱাশ্বিংটনে ভাৰতক অন্যতম প্ৰতিৰক্ষা সহযোগী হিচাপে চিহ্নিত কৰিছিল ৷ এই পদ প্ৰদান কৰাৰ পাচতে বিভিন্ন ধৰণৰ উন্নত আৰু প্ৰযুক্তিবিদ্যাসম্পন্ন সামগ্ৰী ক্ৰয় কৰিবলৈ নতুন দিল্লীয়ে সুযোগ লাভ কৰিছিল ৷
10 AGM-84L Harpoon Block II air-launched missile ৰ মূল্য প্ৰায় 92 মিলিয়ন আমেৰিকান ডলাৰ হ'ব বুলি অনুমান কৰা হৈছে ৷ আনহাতে, 16 MK 54 All Up Round Lightweight Torpedoes আৰু তিনিটাকৈ MK 54 Exercise Torpedoes ৰ মূল্য হ'ব 63 মিলিয়ন আমেৰিকান ডলাৰ ৷