ETV Bharat / international

সমাজৰ বিকাশমূলক কাৰ্যত প্ৰতিবন্ধীসকলক অন্তৰ্ভুক্তিৰ আহ্বান ৰাষ্ট্ৰসংঘ প্ৰধানৰ

author img

By

Published : Dec 1, 2020, 1:48 PM IST

সমাজৰ উন্নয়নমূলক কাৰ্যত প্ৰতিবন্ধী ব্যক্তিৰ অন্তৰ্ভুক্তিকৰণ বহু প্ৰয়োজনীয় ৷ এই মন্তব্য ৰাষ্ট্ৰসংঘৰ সাধাৰণ সচিব অন্টনিঅ' গুটেৰেছৰ ৷

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সচিব অন্টনিঅ' গুটেৰেছ

ইন্টাৰনেশ্যনেল ডেস্ক, 1 ডিচেম্বৰ : সমাজৰ উন্নয়নমূলক কাৰ্যত প্ৰতিবন্ধী ব্যক্তিৰ অন্তৰ্ভুক্তিকৰণ বহু প্ৰয়োজনীয় বুলি মন্তব্য কৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সচিব অন্টনিঅ' গুটেৰেছে ৷

প্ৰতিবন্ধী ব্যক্তিৰ অধিকাৰ সন্মিলন,2006ৰ অংশীদাৰ দেশসমূহৰ সৈতে আলোচনাচক্ৰত এই মন্তব্য কৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সচিবগৰাকীয়ে ৷ এই ব্যক্তিসকলে সঘনে সন্মুখীন হোৱা অক্ষমতাসমূহ জয় কৰাৰ লগতে অন্যায় আৰু ভেদভাৱৰ পৰা তেওঁলোকক আঁতৰাই ৰখাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে গুটেৰেছে ৷

তেওঁ কয়, "প্ৰতিবন্ধী লোকসকলৰ অধিকাৰ সম্পৰ্কত উপলব্ধি কৰাৰ জৰিয়তে 2030 Agenda ৰ মূল প্ৰতিশ্ৰুতিসমূহ পূৰ কৰিব পৰা যাব : ইয়াৰ জৰিয়তে কোনো লোক পিছপৰি থাকিব নালাগে ৷"

তেওঁ লগতে কয়,"সকলো ক্ষেত্ৰতে আমাৰ লক্ষ্য স্পষ্ট,এখন পৃথিৱী য'ত সকলোৱে সমান সুবিধা,সিদ্ধান্ত গ্ৰহণত অংশগ্ৰহণ আৰু অৰ্থনৈতিক,সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক জীৱনত অৰিহণা যুগুৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে ৷"

উল্লেখ্য যে, 3 ডিচেম্বৰত অনুষ্ঠিত হ'বলগা আন্তৰাষ্ট্ৰীয় প্ৰতিবন্ধী দিৱসৰ পূৰ্বে অনুষ্ঠিত কৰা হয় 13 সংখ্যক প্ৰতিবন্ধী ব্যক্তিৰ অধিকাৰ সন্মিলন ৷

লগতে পঢ়ক : গুৰু নানকৰ 551 সংখ্যক জন্ম জয়ন্তীত বাইডেন,হেৰিছৰ শুভেচ্ছা বাণী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.