নেচনেল ডেস্ক, 25 জানুৱাৰী : ডনাল্ড ট্ৰাম্পক পৰাভূত কৰি সংযুক্ত ৰাষ্ট্ৰৰ 46 তম ৰাষ্ট্ৰপতি হিচাপে জ' বাইডেন নিৰ্বাচিত হোৱাৰ পাছতে ৰাষ্ট্ৰখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বিভিন্ন কাৰ্যকলাপে প্ৰায়েই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে ৷ সংযুক্ত ৰাষ্ট্ৰৰ 46 তম ৰাষ্ট্ৰপতি হিচাপে জ' বাইডেনে 20 জানুৱাৰীত আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰাৰ দিনটোতো বাইডেনৰ আদৰণি অনুষ্ঠানত উপস্থিত থকাৰ পৰিৱৰ্তে পত্নী মিলেনিয়াৰ সৈতে ট্ৰাম্প মিয়ামিলৈ উৰা মাৰিছিল ৷
এই কথাষাৰক লৈ চৰ্চা অব্যাহত থকাৰ মাজতে সংযুক্ত ৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ ফ্লৰিডা স্থিত এখন ৰিজ’ৰ্টৰ কাষত সংঘটিত ঘটনাক লৈ পুনৰ চৰ্চা চলিছে ৷ জানিব পৰা মতে ট্ৰাম্প আটাইতকৈ বেয়া ৰাষ্ট্ৰপতি বুলি লিখি থোৱা এখন বেনাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ ফ্ল’ৰিডা স্থিত মাৰ-এ-লাগ' ৰিজ’ৰ্টখনৰ কাষত উৰি থকা প্ৰত্যক্ষ কৰা হৈছে ৷ এখন বিমানত বেনাৰখন আঁৰি প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ ৰিজ’ৰ্টখনৰ কাষেৰে উৰাই লৈ যোৱা হৈছিল বুলি জানিব পৰা গৈছে ৷
দেওবাৰে টুইটাৰৰ জৰিয়তে কোনো এগৰাকী লোকে ভিডিঅ'টো আপলোড কৰা বুলি জানিব পৰা গৈছে ৷ উক্ত ভিডিঅ'টোতে এখন বিমানৰ পাছফালে ট্ৰাম্পক আটাইতকৈ বেয়া ৰাষ্ট্ৰপতি বুলি লিখি থোৱা বেনাৰখন আঁৰি থোৱা প্ৰত্যক্ষ কৰা হৈছে ৷
প্ৰাপ্ত তথ্য অনুসৰি ভিডিঅ'টো আপলোড কৰা টুইটাৰ ব্যৱহাৰকাৰী গৰাকীয়ে অন্য এখন বেনাৰৰ ফটো শ্বেয়াৰ কৰে আৰু উক্ত বেনাৰখনতো ট্ৰাম্পক ভীৰু বুলি আখ্যা দিয়া হৈছে ৷ জানিব পৰা মতে অন্যখনত বেনাৰত ট্ৰাম্পক মস্কোলৈ ঘূৰি যাবলৈ আহ্বান জনাই এইবুলি লিখা হৈছিল, "'ট্ৰাম্প ইউ পেথেটিক লুজাৰ গ' বেক টু মস্কো ৷"
20 জানুৱাৰী তাৰিখে জ' বাইডেনে আনুষ্ঠানিকভাৱে সংযুক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতে ট্ৰাম্পৰ চাৰিবছৰীয়া শাসনৰ সামৰণি পৰে ৷
লগতে পঢ়ক: জ' বাইডেন আৰু ফৰাচী সমৰ্থক ইমানুৱেল ম্যাক্ৰণৰ টেলিফ'নিক বাৰ্তালাপ