ইন্টাৰনেশ্যনেল ডেস্ক, 12 মে' : সমগ্ৰ বিশ্বজুৰি COVID-19 আক্ৰান্তৰ সংখ্যা দিনক দিনে ভয়াবহভাৱে বৃদ্ধি পাবলৈ ধৰিছে ৷ এই সম্পৰ্কত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পক সোমবাৰে এগৰাকী চীনা-আমেৰিকান সাংবাদিকে প্ৰশ্ন কৰে ৷ ট্ৰাম্পে সাংবাদিক গৰাকীক প্ৰত্যুত্তৰত কয় যে, এই সম্পৰ্কত তেওঁ চীনক প্ৰশ্ন কৰা উচিত, তেওঁক নহয় ৷
CBS নিউজৰ সাংবাদিক ৱেইজিয়া জিয়াঙে ট্ৰাম্পক প্ৰশ্ন কৰিছিল যে, আমেৰিকাত কৰ'ণা ভাইৰাছৰ পৰীক্ষণৰ পৰিসংখ্যাৰ ওপৰত ট্ৰাম্পে কিয় ইমান জোৰ দি আছে ৷ জিয়াঙে কয়, "ইয়াৰ কোনো প্ৰয়োজনীয়তা আছে জানো ? প্ৰতিদিনে ইমান সংখ্যক আমেৰিকানে প্ৰাণ হেৰুওৱাৰ পাচতো এয়া কিয় আপোনাৰ বাবে বিশ্বমানৰ প্ৰতিযোগিতা হৈ আছে ?"
ইয়াৰ উত্তৰত ট্ৰাম্পে কয়, "সমগ্ৰ বিশ্বতে লোকে প্ৰাণ হেৰুৱাইছে ৷ মই ভাবো আপুনি এই প্ৰশ্নটো চীনক কৰিব লাগে ৷ মোক নুসুধিব ৷ চীনক সেই প্ৰশ্ন কৰক ৷"
ইয়াৰ পাছতে ট্ৰাম্পে অন্য সাংবাদিকক প্ৰশ্ন উত্থাপন কৰিবলৈ আহ্বান কৰে ৷ সেই সময়ত জিয়াঙে প্ৰশ্ন কৰে যে, "এই কথা আপুনি মোক কিয় কৈছে ৷" ট্ৰাম্পে কয় যে, এনেধৰণৰ নিৰৰ্থক প্ৰশ্ন কৰিলে তেওঁ এনেকুৱা উত্তৰেই দিব ৷
উল্লেখ্য যে, জিয়াং 2015 চনৰ পৰা CBS নিউজত সাংবাদিক হিচাপে কৰ্মৰত ৷ চীনৰ ছিয়ামেনত জন্ম লাভ কৰা জিয়াঙে 2 বছৰ বয়সতে পৰিয়ালৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ প্ৰব্ৰজন কৰিছিল ৷