ETV Bharat / international

Person of the Year 2021 : এলন মাস্কলৈ টাইম আলোচনীৰ "বছৰটোৰ সৰ্বশ্ৰেষ্ঠ ব্যক্তি"ৰ সন্মান - টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া এলন মাস্ক

টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া এলন মাস্কলৈ "বছৰটোৰ সৰ্বশ্ৰেষ্ঠ ব্যক্তি"ৰ সন্মান আগবঢ়াইছে বিশ্ব বিখ্যাত টাইম আলোচনীয়ে(Time magazine's Person of the Year) । মাস্ক মহাকাশ অন্বেষণ কোম্পানী স্পেচএক্সৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া । শেহতীয়াকৈ বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে এলন মাস্ক ।

Time magazine's "Person of the Year" is Elon Musk
এলন মাস্কলৈ টাইম আলোচনীৰ "বছৰটোৰ সৰ্বশ্ৰেষ্ঠ ব্যক্তি"ৰ সন্মান
author img

By

Published : Dec 14, 2021, 10:22 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৪ ডিচেম্বৰ : আমেৰিকাৰ বিখ্যাত আলোচনী "টাইমে" ২০২১ বৰ্ষত "বছৰটোৰ সৰ্বশ্ৰেষ্ঠ ব্যক্তি"ৰ সন্মান আগবঢ়াইছে টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া এলন মাস্কলৈ((Time magazine's Person of the Year)) । মাস্কক তীক্ষ্ণ বুদ্ধি সম্পন্ন, দূৰদৰ্শী, উদ্যোগপতি বুলি অভিহিত কৰিছে টাইম আলোচনীয়ে ।

মহাকাশ অন্বেষণ কোম্পানী স্পেচএক্সৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া এলন মাস্ক বৰ্তমান প্ৰায় ৩০০ বিলিয়ন মাৰ্কিন ডলাৰৰ সম্পত্তিৰ গৰাকী । শেহতীয়াকৈ এমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছক পিছ পেলাই এলন মাস্কে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে(World's richest person Elon Musk) ।

টেছলাত থকা তেওঁৰ প্ৰায় ১৭ শতাংশ ষ্টক সোমবাৰে প্ৰায় ১,০০০ আমেৰিকান ডলাৰকৈ বিক্ৰী হৈছে । ২০০২ চনত স্পেচএক্স প্ৰতিষ্ঠা কৰাৰ পৰা আৰম্ভ কৰি গাড়ী কোম্পানী টেছলাৰ উপৰিও বৈকল্পিক শক্তি কোম্পানী চ'লাৰচিটি সৃষ্টিৰ বাবে মাস্কে কৰা প্ৰচেষ্টাৰ বিষয়ে বিস্তৃতভাৱে টাইমে উল্লেখ কৰিছে । ছ'চিয়েল মিডিয়াত মাস্কৰ অনুৰাগীৰ সংখ্যাৰ বিষয়েও আলোচনীখনত প্ৰকাশ কৰা হৈছে । টুইটাৰত তেওঁৰ ৬৬ নিযুত ফল'ৱাৰ্ছ আছে । তেওঁ বিদেশী শক্তিকো সহায় আগবঢ়ায় ।

অৱশ্যে, শেহতীয়াকৈ এই সকলো পদক্ষেপ মাস্কৰ বাবে লাভজনক হৈ পৰিছে । টেছলাই চলিত বছৰত ১ ট্ৰিলিয়ন আমেৰিকান ডলাৰৰ বজাৰৰ মূলধনৰ সীমা অতিক্ৰম কৰিছে । ডেট্ৰয়েটৰ হেভিৱেট ফ’ৰ্ড আৰু জেনেৰেল মটৰ্ছৰ মূল্য ২০০ বিলিয়ন আমেৰিকান ডলাৰতকৈও কম ।

মাস্কে যোৱা মাহত কৈছিল যে, স্পেচএক্সে জানুৱাৰী মাহত বুলেট আকৃতিৰ ষ্টাৰশ্বিপ কক্ষপথলৈ উৎক্ষেপণ কৰাৰ চেষ্টা কৰিব । মহাকাশচাৰীসকলক চন্দ্ৰপৃষ্ঠলৈ প্ৰেৰণ কৰাৰ বাবে ষ্টাৰশ্বিপ ব্যৱহাৰ কৰিবলৈ নাছাই স্পেচএক্সৰ সৈতে ২০২৫ চনৰ আৰম্ভণিতে চুক্তিবদ্ধ হৈছে ।

মাস্কে কৈছিল যে, তেওঁ পুনৰ ব্যৱহাৰযোগ্য যানবোৰ ব্যৱহাৰ কৰি মঙল গ্ৰহত মানুহৰ অৱতৰণ কৰাৰ পৰিকল্পনা কৰিছে । মাস্কৰ এনে প্ৰয়াসৰ প্ৰতি সন্মান জনাই টাইমে "বছৰটোৰ সৰ্বশ্ৰেষ্ঠ ব্যক্তি"ৰ সন্মান আগবঢ়াইছে(Elon Musk named as Person of the Year) ।

লগতে পঢ়ক: Miss Universe 2021 : কোন এই হৰনাজ সন্ধু ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.