ইন্টাৰনেশ্যনেল ডেস্ক, 27 জানুৱাৰী : দেওবাৰে ইৰাকস্থিত আমেৰিকা দূতাবাসত তিনিটা ৰকেট আক্ৰমণ সংঘটিত হয় ৷ হাজাৰোধিক প্ৰতিবাদকাৰীয়ে চৰকাৰ বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে ইৰাকত সংঘটিত হয় এই ঘটনা ৷
আমেৰিকান দূতাবাসৰ লগতে আমেৰিকান সৈন্য মোতায়েন কৰা ইৰাকী সামৰিক ছাউনীত শেহতীয়া সময়ত সংঘটিত হৈ আহিছে এনে আক্ৰমণ ৷ বৰ্তমানলৈকে কোনো পক্ষই এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও ৱাশ্বিংটনে ইয়াৰ বাবে ইৰান সমৰ্থিত ইৰাকৰ সৈন্য দলক দোষী সাব্যস্ত কৰি আহিছে ৷
দেওবাৰে আমেৰিকান দূতাবাসৰ কেন্টিনত নিশাৰ ভোজন গ্ৰহণ কৰি থকাৰ সময়তে এটা ৰকেটে আক্ৰমণ কৰাৰ অলপ পাচতে অন্য দুটা ৰকেটে ওচৰৰ স্থানত আক্ৰমণ কৰে ৷ এগৰাকী জ্যেষ্ঠ ইৰাকী বিষয়াই মন্তব্য কৰে যে,এই আক্ৰমণৰ ফলত এজন লোক আঘাতপ্ৰাপ্ত হৈছে ৷ কিন্তু আঘাত কিমান গুৰুতৰ আৰু আঘাতপ্ৰাপ্ত লোকজন আমেৰিকান নে ইৰাকী সেই বিষয়ে প্ৰকাশ কৰিবলৈ অমান্তি হয় বিষয়াজন ৷ এই সম্পৰ্কত আমেৰিকান দূতাবাসে বৰ্তমানলৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৷
আনহাতে,এই ঘটনাক গৰিহণা জনাইছে ইৰাকৰ প্ৰধানমন্ত্ৰী আদেল আব্দেল মাহদী আৰু সংসদৰ অধ্যক্ষ মহম্মদ হালবুছীয়ে ৷ তেওঁলোকে কয় যে, ইয়াৰ ফলত ইৰাকক যুদ্ধক্ষেত্ৰলৈ পৰিণত কৰোৱা হৈছে ৷ যোৱা মাহত আমেৰিকা আৰু ইৰানৰ মাজত সৃষ্টি হোৱা সংঘাতৰ ফলত প্ৰতিশোধৰ বাবে ইৰাকক ব্যৱহাৰ কৰা হৈছে ৷
আৰু পঢ়ক : স্বাক্ষৰিত হ’ল তৃতীয় বড়ো চুক্তি