নিউজ ডেস্ক,5জানুৱাৰীঃ চুইডিছ এৰোস্পেছ আৰু প্ৰতিৰক্ষা কোম্পানী, ছাব গ্ৰুপে ঘোষণা কৰিছে যে, UAEৰ সৈতে দুখন এয়াৰৱন চাৰভিলেন্স চিষ্টেম বিক্ৰী কৰিবলৈ চুক্তি বদ্ধ হৈছে ৷
সোমবাৰে ছাবৰ তথ্য অনুসৰি জানিব পৰা গৈছে যে, কোম্পানীটোৱে দুটা গ্ল‘বেল আই চিষ্টেম, ছাৱ এয়াৰৱন চাৰভিলেন্স চিষ্টেমৰ সৈতে ইতিমধ্যে UAE ৰ সৈতে চুক্তিবদ্ধ হৈছে বুলি জানিব পৰা গৈছে ৷ যাৰ মূল্য হৈছে 1.018 বিলিয়ন ডলাৰ আৰু চুক্তিৰ ম্যাদ থাকিব 2020-2025 বৰ্ষলৈকে ৷
উল্লেখযোগ্য যে, গ্ল‘বেল আই চিষ্টেম, ছাৱ এয়াৰৱন চাৰভিলেন্স চিষ্টেমে একেসময়তে বায়ু ,পানী আৰু ভূমিত কি সংঘটিত হৈ আছে তাক নিৰীক্ষণ কৰিব পাৰে ৷
লগতে পঢ়কঃ মিজোৰামত উদ্যোমী বিকাশ কেন্দ্ৰৰ অনলাইন প্ৰশিক্ষণ কৰ্মশালা