ETV Bharat / international

ৰাছিয়ান হেকাৰৰ লক্ষ্য ৰাজ্যিক আৰু স্থানীয় নেটৱৰ্ক: আমেৰিকা

author img

By

Published : Oct 23, 2020, 11:04 AM IST

শেহতীয়াকৈ আমেৰিকাৰ প্ৰায় 12 খন ৰাজ্য আৰু স্থানীয় চৰকাৰৰ নেটৱৰ্কক লক্ষ্য কৰি লৈছে ৰাছিয়ান হেকাৰসকলে ৷ বৃহস্পতিবাৰে আমেৰিকাৰ বিষয়া সকলে জানিবলৈ দিয়ে এই কথা ৷

ৰাছিয়ান হেকাৰৰ লক্ষ্য ৰাজ্যিক আৰু স্থানীয় নেটৱৰ্ক: ৰাছিয়ান হেকাৰৰ লক্ষ্য ৰাজ্যিক আৰু স্থানীয় নেটৱৰ্ক: আমেৰিকাআমেৰিকা
ৰাছিয়ান হেকাৰৰ লক্ষ্য ৰাজ্যিক আৰু স্থানীয় নেটৱৰ্ক: আমেৰিকা

ইণ্টাৰনেশ্যনেল ডেস্ক, 23 অক্টোবৰ: বৃহস্পতিবাৰে আমেৰিকাৰ বিষয়া সকলে জানিবলৈ দিয়ে যে, ৰাছিয়ান হেকাৰসকলে শেহতীয়াকৈ আমেৰিকাৰ প্ৰায় 12 খন ৰাজ্য আৰু স্থানীয় চৰকাৰৰ নেটৱৰ্কক লক্ষ্য কৰি লৈছে ৷ তেওঁলোকে অতি কমেও দুটাকৈ ছাৰ্ভাৰৰ পৰা ডাটা চোৰ কৰিছে ৷ নিৰ্বাচনৰ বাবে দুসপ্তাহৰো কম সময়ত হোৱা এনে কাণ্ডত ভোটৰ সৈতে খেলিমেলি কৰাৰ লগতে ফলাফলৰ প্ৰতি আস্থা হ্ৰাস কৰাৰ আশংকা প্ৰকাশ পাইছে ৷

FBI আৰু হোমলেণ্ড চিকিউৰিটী বিভাগৰ চাইবাৰ চিকিউৰিটী এজেন্সীৰ পৰামৰ্শদাতা সকলে ৰাছিয়াৰ শক্তিশালী ক্ষমতাক স্মৰণ কৰে, কিয়নো আমেৰিকাৰ বিষয়া সকলে বুধবাৰে নিশা সাৰ্বজনিকভাৱে ইৰাণক আমন্ত্ৰণ কৰি আনিছিল ৷

পৰামৰ্শদাতা সকলে সেই লোকসকলৰ নাম বা স্থান চিনাক্ত কৰা নাই যায় লক্ষ্য কৰি লোৱা হৈছিল ৷ কিন্তু বিষয়া সকলৰ মতে,তেওঁলোকৰ সেই বিষয়ে কোনো তথ্য নাই যে কোনো নিৰ্বাচন বা চৰকাৰী সঞ্চালন প্ৰভাবিত হৈছে নাইবা নিৰ্বাচনী ডাটাৰ অখণ্ডতাত বুজাপৰা কৰা হৈছে ৷

আমেৰিকান বিষয়াসকলে বাৰম্বাৰ কয় যে, হেকাৰৰ বাবে ভোট গণনা সলনি কৰাটো এক কঠিন কাম ৷ কিন্তু তেওঁলোকে হস্তক্ষেপৰ অন্য উপায়ৰ বিষয়ে সকীয়নি প্ৰদান কৰিঠে যিয়ে নিৰ্বাচনত বাধা প্ৰদান কৰিব পাৰে ৷ য'ত নেটৱৰ্কত চাইবাৰ আক্ৰমণসহিতে ভোটদান প্ৰক্ৰিয়াত বাধা প্ৰদান কৰাটোও সন্নিবিষ্ট হৈ আছে ৷

বিশেষকৈ স্থানীয় চৰকাৰ পৰ্যায়ত হেকাৰৰ এটা নেটৱৰ্কে অনুপ্ৰৱেশ কৰিব পাৰে আৰু তাৰ পাচত ফায়াৰৱালৰ দৰে যদি নিৰ্দিষ্ট প্ৰতিৰক্ষামূলক ব্যৱস্থা নলয়, তেন্তে নিৰ্বাচন সংক্ৰান্তীয় পদ্ধতি সমূহত হেকাৰ সকলে তেওঁলোকৰ কাম কৰিব পাৰিব ৷ এই তথ্যৰ পাচতে কৰ্মকৰ্তা সকলে ভোটৰ অখণ্ডতা বৰ্তাই ৰখাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ৷ বুধবাৰে FBI ৰ পৰিচালক ক্ৰিষ্ট'ফাৰ ৰেয়ে কয় যে, "আপোনাৰ ভোট গণনাৰ ক্ষেত্ৰত আপোনাৰ আত্মবিশ্বাস থকাটো উচিত ৷ "

লগতে পঢ়ক: ছমাহৰ অভিযানৰ অন্তত নিৰাপদে পৃথিৱীত উপস্থিত নাছাৰ তিনি মহাকাশচাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.