ETV Bharat / international

'হোৱাইট হাউছ'ত সেৱা আগবঢ়াব ২ ডজন ভাৰতীয়ই - জ' বাইডেনে

আমেৰিকাত সেৱা আগবঢ়াবলৈ ৰাষ্ট্ৰপতি জ' বাইডেনে 'হোৱাইট হাউছ'ত বিভিন্ন দায়িত্ব দিছে প্ৰতিভাশালী ,অভিজ্ঞ ভাৰতীয়মূলৰ কেইবাগৰাকী ব্য়ক্তিক ।

'হোৱাইট হাউছ'ত সেৱা আগবঢ়াব ২ ডজন ভাৰতীয়ই

author img

By

Published : Jan 20, 2021, 1:54 PM IST

নিউজ ডেস্ক , ২০ জানুৱাৰী : শপত গ্ৰহণৰ লগে লগে আমেৰিকাৰ গুৰু দায়িত্ব ল'বলৈ সাজু হ'ব ৰাষ্ট্ৰপতি জ' বাইডেন । কিন্তু ইয়াৰ লগতে ভাৰতৰ বাবেও এক আনন্দৰ খবৰ কিয়নো আমেৰিকাৰ ৰাষ্ট্ৰপতিক আমেৰিকাৰ দায়িত্ব পালনত সহায় কৰিব ভাৰতীয় মূলৰ কেইবাগৰাকী বিশেষ ব্য়ক্তিয়ে । তাৰ ভিতৰত ইতিমধ্য়ে উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচনত জয়ী হৈ নিজৰ নাম তালিকাৰ শীৰ্ষত অন্তৰ্ভূক্ত কৰিছে ভাৰতীয় মূলৰ কমলা দেৱী হেৰিছে । কমলা হেৰিছৰ পিছতে এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ভৱন 'হোৱাইট হাউছ'ত ভাৰতীয় মূলৰ আমেৰিকাৰ কেইবাগৰাকী ব্য়ক্তিৰ নাম চৰ্চিত হৈছে ।

'হোৱাইট হাউছ'ত সেৱা আগবঢ়াব ২ ডজন ভাৰতীয়ই
'হোৱাইট হাউছ'ত সেৱা আগবঢ়াব ২ ডজন ভাৰতীয়ই

কেৱল চৰ্চাই নহয় ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ দলত অন্তৰ্ভূক্ত হৈছে ভাৰতীয় মূলৰ প্ৰায় দুই ডজনৰ অধিক ব্য়ক্তিৰ নাম । তেওঁলোক হ'ল ক্ৰমে বিবেক মূৰ্তি, গৌতম ৰাঘৱন,মালা আদিগা,বিনয় ৰেড্ডী, ভাৰত ৰামামূৰ্তি, নীৰা তাণ্ডেন, সেলিন গাউণ্ডাৰ, অতুল গৱাণ্ডে ।

এইসকল ভাৰতীয় মূলৰ ব্য়ক্তি এতিয়া উজলিজে হোৱাইট হাউছত । কিয়নো আগন্তুক দিনত অৰ্থনীতি, চিকিৎসা বিজ্ঞান আদি বিভিন্ন দিশত ৰাষ্ট্ৰপতিৰ সৈতে একেলগে দেশখনৰ উন্নয়নৰ বাবে কাম কৰিব এইসকল ভাৰতীয় মূলৰ ব্য়ক্তিয়ে । আটাইকেইগৰাকীকে জ' বাইডেন আৰু কমলা হেৰিছৰ নেতৃত্বত অতি গুৰুত্বপূৰ্ণ পদবীত নিয়োগ কৰা হৈছে । আনকি চৰ্চা চলিছে যে আমেৰিকামূলৰ ব্য়ক্তিতকৈও এইকেইগৰাকীক অধিক গুৰু দায়িত্ব দিয়া হৈছে ।

https://etvbharatimages.akamaized.net/etvbharat/prod-images/10302960_indian-04.jpg

এই খবৰৰ পিছতে এতিয়া বিশ্বজুৰি বিভিন্ন প্ৰতিক্ৰিয়া চলিছে । যিসকলে প্ৰথম অৱস্থাত ভাৰতীয়মূলৰ কমলা হেৰিছকলৈ সমালোচনা কৰিছিল তেওঁলোকক এতিয়া একাংশ লোকে ঠাট্টা মস্কৰা কৰা দেখিবলৈ পোৱা গৈছে ।

ইফালে বিভিন্ন সময়ত হোৱাইট হাউছত গুৰুত্বপূৰ্ণ দায়িত্ব গ্ৰহণ কৰা বিদেশীমূলৰ ব্য়ক্তিসকল চৰ্চালৈ অহা দেখা যায় আৰু এইবাৰ 'হোৱাইট হাউছ'ত চৰ্চা লাভ কৰিছে ভাৰতীয় মূলৰ ব্য়ক্তিসকলে ।

লগতে পঢ়ক :আমেৰিকাৰ ৪৬ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব জ' বাইডেনে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.