ETV Bharat / international

আমেৰিকাক এই অঞ্চলৰ পৰা খেদি পঠিওৱাটোৱে প্ৰকৃত প্ৰতিশোধঃ ৰৌহানি

author img

By

Published : Jan 8, 2020, 10:50 PM IST

আমেৰিকাৰ মিলিটাৰী ছাউনীত আক্ৰমণ কৰাৰ পাচত নিজৰ প্ৰতিক্ৰিয়া আগবঢ়াইছে ইৰানৰ ৰাষ্ট্ৰপতি হাছান ৰৌহানিয়ে ৷ আমেৰিকাক এই অঞ্চলৰ পৰা খেদি পঠিওৱাটোৱে প্ৰকৃত প্ৰতিশোধ বুলি মন্তব্য কৰে ৰৌহানিয়ে ৷

আমেৰিকাৰ মিলিটাৰী ছাউনীত ইৰানৰ আক্ৰমণ
ইৰানৰ ৰাষ্ট্ৰপতি হাছান ৰৌহানি

ইন্টাৰনেশ্যনেল ডেস্ক, 8 জানুৱাৰীঃ ইৰানৰ ৰাষ্ট্ৰপতি হাছান ৰৌহানিয়ে বুধবাৰে মন্তব্য কৰে যে, শীৰ্ষ ইৰানিয়ান জেনেৰেল ছুলেইমানিক হত্যা কৰাৰ প্ৰকৃত প্ৰতিশোধ হ'ব আমেৰিকাক এই অঞ্চলৰ পৰাই খেদি পঠোৱা ৷ বুধবাৰে আমেৰিকাৰ দুটাকৈ মিলিটাৰী ছাউনীত ইৰানে প্ৰত্যাক্ৰমণ কৰাৰ পাচতে এনেদৰে মন্তব্য কৰে ৰৌহানিয়ে ৷ ইৰানিয়ান জেনেৰেল কাছেম ছুলেইমানিৰ হত্যাৰ প্ৰতিশোধ হিচাপে ইৰানে আমেৰিকাৰ মিলিটাৰী ছাউনীত এনেদৰে প্ৰত্যাক্ৰমণ কৰে ৷

উল্লেখ্য যে, যোৱা সপ্তাহত আমেৰিকাই এয়াৰ ষ্ট্ৰাইকৰ জৰিয়তে বাগদাদ বিমান বন্দৰত আক্ৰমণ কৰি ছুলেইমানিক হত্যা কৰিছিল ৷ ইয়াৰ পাচতে ইৰানে আমেৰিকাৰ ওপৰত প্ৰতিশোধ লোৱা হ'ব বুলি সকীয়নি দিছিল ৷ কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পেও ইৰানে প্ৰতিশোধ ল'ব চেষ্টা কৰিলে পূৰ্বতকৈ নিষ্ঠুৰভাৱে আক্ৰমণ কৰা হ'ব বুলি আগজাননী দিছিল ৷

ইৰানে প্ৰত্যাক্ৰমণ কৰিলেও মিলিটাৰী ছাউনীত কোনো আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ অহা নাই বুলি তথ্য লাভ কৰা হৈছে ৷

আৰু পঢ়ক : JNUSUৰ সভাপতি এছে ঘোষৰ গোচৰ ৰুজু

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.