ETV Bharat / international

দেশৰ হৈ সেৱা আগবঢ়াবলৈ সাজু কমলা হেৰিছ - একান্ত স্বচ্ছ আৰু নিষ্ঠাৰে নিজৰ কৰ্তব্যৰ লগতে দেশৰ সেৱা আগবঢ়াই নিব

৪৯ সংখ্যক হিচাপে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ আৰু মাৰ্কিন যুক্ত ৰাষ্ট্ৰৰ ৪৬ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে জ'বাইডেনে শপত গ্ৰহণৰ লগে লগে অন্ত পৰিল মাৰ্কিন ৰাজনীতিৰ আটাইতকৈ সংঘাতপূৰ্ণ ট্ৰাম্প প্ৰশাসনৰ কাৰ্যকাল । ৬১ বছৰীয়া মাইক পেন্সৰ উপ-ৰাষ্ট্ৰপতি পদৰ দায়িত্বভাৰ গ্ৰহণ কৰিয়েই দেশৰ হৈ সেৱা আগবঢ়াবলৈ সাজু বুলি মন্তব্য হেৰিছৰ ।

দেশৰ হৈ সেৱা আগবঢ়াবলৈ সাজু কমলা হেৰিছ
দেশৰ হৈ সেৱা আগবঢ়াবলৈ সাজু কমলা হেৰিছ
author img

By

Published : Jan 21, 2021, 1:34 PM IST

নিউজ ডেস্ক, ২১ জানুৱাৰী: আমেৰিকাৰ প্ৰথমগৰাকী মহিলা উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰি ভাৰতীয় মূলৰ কমলা হেৰিছে নতুন ইতিহাস লিখিলে । বুধবাৰে শপত বাক্য পাঠ কৰিয়েই দেশৰ হৈ সেৱা আগবঢ়াবলৈ সাজু বুলি মন্তব্য কৰে হেৰিছে । ভাৰতীয় মূলৰ কৃষ্ণাংগ আমেৰিকান প্ৰথমগৰাকী মহিলা উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে সংযুক্ত ৰাষ্ট্ৰৰ সংবিধানৰ শপত খায় সকলো শত্ৰুৰ বিৰুদ্ধে দেশ ৰক্ষা কৰিব আৰু একান্ত স্বচ্ছ আৰু নিষ্ঠাৰে নিজৰ কৰ্তব্যৰ লগতে দেশৰ সেৱা আগবঢ়াই নিব বুলি কয় ।

দেশৰ হৈ সেৱা আগবঢ়াবলৈ সাজু কমলা হেৰিছ
দেশৰ হৈ সেৱা আগবঢ়াবলৈ সাজু কমলা হেৰিছ

শপত গ্ৰহণৰ পূৰ্বে মাতৃৰ কষ্ট আৰু সাধনাৰ বাবে আজি এই পৰ্যায়ত উপনীত হ'বলৈ সক্ষম বুলি হেৰিছে টুইট কৰে ।

৪৯ সংখ্যক হিচাপে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ আৰু মাৰ্কিন যুক্ত ৰাষ্ট্ৰৰ ৪৬ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে জ'বাইডেনে শপত গ্ৰহণৰ লগে লগে অন্ত পৰিল মাৰ্কিন ৰাজনীতিৰ আটাইতকৈ সংঘাতপূৰ্ণ ট্ৰাম্প প্ৰশাসনৰ কাৰ্যকাল । উল্লেখ্য যে, ৬১ বছৰীয়া মাইক পেন্সৰ উপ-ৰাষ্ট্ৰপতি পদৰ দায়িত্বভাৰ গ্ৰহণ কৰে হেৰিছে ।

কমলা হেৰিছৰ পিতৃ আছিল জামাইকান মূলৰ অৰ্থনীতিবাদ তথা ষ্টেনফ'ৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰফেছৰ ড'নাল্ড হেৰিছ আৰু মাতৃ বায়'মেডিকেল বিজ্ঞানী চেন্নাইৰ শ্যামলা গোপালন । ১৯৬৪ চনত কেলিফৰ্ণিয়াৰ অ'কলেণ্ডত জন্ম গ্ৰহণ কৰিছিল হেৰিছে । বে' এলেকাত ডাঙৰ-দীঘল হৈছিল যদিও পৰিয়ালৰ সৈতে সঘনাই ভাৰতৰে যাত্ৰা অব্যাহত ৰাখিছিল হেৰিছে । ১২ বছৰ বয়সতে হেৰিছ আৰু তেওঁৰ ভগ্নী মায়াই মাতৃৰ সৈতে কানাডাৰ মন্ত্ৰিয়াললৈ গৈছিল । উল্লেখ্য যে, কৰ্মসূত্ৰে হেৰিছৰ মাতৃয়ে মন্ত্ৰিয়ালত আছিল । ২০০৯ চনত মাতৃ শ্যামলাৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল ।

১৯৮৬ চনত হাৱাৰ্ডৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰি ১৯৮৯ চনত কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ হেষ্টিং কলেজ অফ অফ দ্যা ল'ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে । পৰৱৰ্তী সময়ত জিলা সহায়িকা এটৰ্ণী হিচাপে আলামেডাৰ প্ৰচিকিউটৰ (অধিবক্তা)ৰ কাৰ্যালয়ত যোগদান কৰিছিল আৰু তাৰ পৰাই ৰাজনৈতিক যাত্ৰাৰ আৰম্ভণি কৰিছিল ।

২০০৩ চনত চেন ফ্ৰান্সিস্ক' জিলা এটৰ্ণীৰ বাবে প্ৰথমবাৰৰ বাবে জয়লাভ কৰে । ২০১০ চনত কেলিফৰ্ণিয়াৰ এটৰ্ণী জেনেৰেল হিচাপে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী ব্লেক ওমেন কমলা হেৰিছ ।

কমলা হেৰিছৰ এই যাত্ৰা কেৱল আমেৰিকাবাসীৰে সপোন হয় বৰঞ্চ লাখ লাখ লোকৰ এই সপোন তেওঁৰ নেতৃত্বত এখন সুস্থ গণতান্ত্ৰিক দেশ গঢ় লৈ উঠা । সকলোৰে সপোন যেন সাকাৰ হওঁক সেয়াই কামনা সকলোৰে ।

লগতে পঢ়ক:ভূমিকম্পই বিধ্বস্ত কৰা ইণ্ডোনেছিয়াত পুনৰ খুলিছে ব্যৱসায়িক প্ৰতিষ্ঠান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.