ETV Bharat / international

ভাৰত-আমেৰিকাৰ সম্পৰ্ক আগবঢ়াই নিয়াৰ বাবে মন্ত্ৰী জয়শংকৰক প্ৰশংসা পম্পিঅ'ৰ

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ প্ৰশংসাত পঞ্চমুখ আমেৰিকাৰ বিদায়ী গৃহ সচিব মাইক পম্পিঅ' । ভাৰত-আমেৰিকাৰ সম্পৰ্ক শক্তিশালী কৰাত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে গ্ৰহণ কৰা ভূমিকাৰ বিষয়ে প্ৰশংসা কৰিলে । টুইটযোগে, এছ জয়শংকৰৰ সৈতে থকা এখন ফটো শ্বেয়াৰ কৰিলে মাইক পম্পিঅ'ই ।

author img

By

Published : Jan 6, 2021, 12:29 PM IST

মন্ত্ৰী এছ জয়শংকৰৰ প্ৰশংসাত পঞ্চমুখ মাইক পম্পিঅ'

ইণ্টাৰনেশ্যনেল ডেস্ক, ৬ জানুৱাৰী : ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক মহান কূটনীতিবিদ আখ্যা দিলে আমেৰিকাৰ বিদায়ী গৃহ সচিব মাইক পম্পিঅ'ই । টুইটযোগে তেওঁ কয় যে, মন্ত্ৰী এছ জয়শংকৰৰ দৰে বন্ধুৰ সৈতে একলগে কাম কৰি থকা সময়ত ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিছিল । পম্পিঅ'ই টুইটযোগে এছ জয়শংকৰৰ সৈতে থকা এখন ফটোও শ্বেয়াৰ কৰে ।

একেটা টুইটতে তেওঁ মন্ত্ৰী জয়শংকৰক ধন্যবাদো জ্ঞাপন কৰে । ২০১৯ চনত ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিউচটনত 'হাওডী মোদী' শীৰ্ষক অনুষ্ঠানত অংশ লোৱাৰ কথা মনত পেলায় পম্পিঅ'ই । তেওঁ টুইটত লিখিছে যে, 'মোদী হ্যে টো মুমকিন হ্যে' অৰ্থাৎ মোদী আছে যেতিয়া সম্ভৱ । মাইক পম্পিঅ' আৰু এছ জয়শংকৰে সঘনাই আঞ্চলিক, দ্বি-পাক্ষিক আৰু বৈশ্বিক বিষয়ত ফোনযোগে বাৰ্তালাপ কৰে ।

ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা জ' বাইদেনে অহা ২০ জানুৱাৰীত কাৰ্যভাৰ গ্ৰহণ কৰাৰ প্ৰাক ক্ষণত এইদৰে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্কৰ কথা সুঁৱৰি টুইট কৰে মাইক পম্পিঅ'ই ।

লগতে পঢ়ক:ভূমধ্য সাগৰত 265 প্ৰবাসীক উদ্ধাৰ স্পেনিছ পতাকাযুক্ত জাহাজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.