ETV Bharat / international

আমেৰিকাৰ বাল্টিম’ৰত গুলীচালনাত নিহত 1 - আমেৰিকাত বাল্টিম’ৰত গুলীচালনা

আমেৰিকাৰ বাল্টিম’ৰ চহৰত গুলীচালনা সংঘটিত ৷ অতৰ্কিতে দুৰ্বৃত্তৰ দলে চলোৱা এই আক্ৰমণত এজন লোক নিহত হোৱাৰ লগতে আহত হৈছে পাঁচজন ৷ সম্প্ৰতি চহৰখনৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

Police: 1 killed, 5 wounded in Baltimore shooting
আমেৰিকাৰ বাল্টিম’ৰত গুলীচালনাৰ ঘটনাত নিহত 1, আহত 5
author img

By

Published : Jun 17, 2021, 11:36 AM IST

ইণ্টাৰনেছনেল ডেস্ক, 17 জুন : আমেৰিকাৰ বাল্টিম’ৰ চহৰত বুধবাৰে সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা ৷ বুধবাৰে বন্দুকধাৰীৰ দলে এটা পথেৰে খোজকাঢ়ি গৈ এটা চাৰিআলিৰ পৰা বাল্টিম’ৰ ব্লকত গুলীচালনা কৰে ৷ এই ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আন পাঁচজন লোক আহত হৈছে । চহৰখনৰ আৰক্ষী আয়ুক্ত মাইকেল হেৰিছনে সদৰী কৰিছে এই তথ্য ৷

আয়ুক্ত মাইকেল হেৰিছনে কয় যে, পশ্চিম বাল্টিম’ৰৰ এটা সমীপৱৰ্তী অঞ্চলত গুলীচালনাৰ ঘটনা সংঘটিত হয় আৰু উক্ত ঘটনাত আহতসকলৰ অৱস্থা সংকটজনক ৷ আৰক্ষীয়ে দুপৰীয়া দুই বজাত ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় ৷ আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হোৱাৰ লগে লগে ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুৰ্বৃত্তৰ দলটোৱে ৷ ইফালে আৰক্ষীয়ে ঘটনাস্থলীত গুলীবিদ্ধ হোৱা দুজন লোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ আনহাতে আন চাৰিজন লোকক ব্যক্তিগত বাহনেৰে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

হেৰিছনে লগতে কয় যে, বিষয়াসকলে সমীপৱৰ্তী অঞ্চলত অভিযান অব্যাহত ৰখাৰ লগতে প্ৰমাণ সংগ্ৰহত ব্যস্ত হৈ পৰিছে ৷ গুলীচালনাৰ এই ঘটনাৰ বিষয়ে কাৰোবাৰ হাতত কিবা তথ্য থাকিলে আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ স্থানীয় ৰাইজক আহ্বান জনাইছে আৰক্ষী আয়ুক্ত মাইকেল হেৰিছনে ৷

উল্লেখ্য যে, বুধবাৰে পুৱালৈকে বাল্টিম’ৰ আৰক্ষীয়ে এইবছৰ চহৰখনত 151 টা হত্যাকাণ্ড সংঘটিত হৈছে বুলি জানিবলৈ দিছে ৷ আনহাতে বিগত বৰ্ষত একেটা সময়ত 144 টা হত্যাৰ ঘটনা পোহৰলৈ আহিছিল ৷ এইবছৰ চহৰখনত এতিয়ালৈকে 310 টা গুলীচালনাৰ ঘটনা সংঘটিত হৈছে ৷ আনহাতে বিগত বৰ্ষত গুলীচালনাৰ ঘটনাৰ সংখ্যা আছিল 269 টা ৷

লগতে পঢ়ক: 30 জুনলৈ ভাৰতৰ সৈতে আন্তৰ্জাতিক সীমান্ত বন্ধ ৰখাৰ সিদ্ধান্ত বাংলাদেশৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.