ETV Bharat / international

ভাৰতৰ অ-জৈৱিক ইন্ধন দুগুণ কৰিবলৈ মোডীৰ প্ৰতিজ্ঞা - PM Modi vows to more than double

2022 চনৰ ভিতৰত ভাৰতক অজৈৱিক ইন্ধনত স্বাৱলম্বী কৰাৰ লক্ষ্য প্ৰধানমন্ত্ৰী মোডীৰ ৷  নৱীকৰণযোগ্য সম্পদ ধাৰণৰ ক্ষমতা 175 গিগাৱাটৰ পৰা 400 গিগাৱাট কৰাৰ লক্ষ্যৰে দেশে কাম কৰিব বুলি প্ৰধান মন্ত্ৰীৰ ঘোষণা ৷

ভাৰতৰ অজৈৱক ইন্ধন দুগুণ কৰিবলৈ মোডীৰ প্ৰতিজ্ঞা
author img

By

Published : Sep 24, 2019, 5:24 PM IST

Updated : Sep 24, 2019, 6:43 PM IST

নিউজ ডেস্ক,23 চেপ্তেম্বৰঃ 2020ৰ ভিতৰত ভাৰতবৰ্ষৰ অ-জৈৱিক ইন্ধন তথা নৱীকৰণযোগ্য সম্পদ ধাৰণৰ ক্ষমতা 175 গিগাৱাটৰ পৰা 400 গিগাৱাটলৈ বৃদ্ধি কৰা লক্ষ্য হাতত লৈছে ভাৰতে ৷ ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলন শীৰ্ষক বৈঠকত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ আহ্বান জনাই এইদৰে ঘোষণা কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷

চলিত বৰ্ষৰ স্বাধীনতা দিৱসৰ ভাষণত মোডীয়ে পেৰিছ জলবায়ু চুক্তি অনুসৰি ভাৰতে 175 গিগাৱাট অজৈৱিক ইন্ধন উৎপাদন কৰিব বুলি ঘোষণা কৰিছিল ৷ 2022 চনৰ ভিতৰত এই ক্ষমতা 400 গিগাৱাটলৈ বৃদ্ধি কৰাত ভাৰত আগ্ৰহী বুলিও প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলনত প্ৰধানমন্ত্ৰী মোডীয়ে জলবায়ু পৰিৱৰ্তনৰ ওপৰত বিশ্ববাসীয়ে বিশেষ গুৰুত্ব প্ৰদান কৰিব লাগে বুলিও উল্লেখ কৰে ৷ বৰ্তমান সময়ত জলবায়ু পৰিৱৰ্তনৰ বাবে বিশ্ববাসীয়ে গ্ৰহণ কৰা স্থিতি সন্তোষজনক নহয় বুলি কয় প্ৰধানমন্ত্ৰী মোডীয়ে ৷

ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলনত মোডীৰ ভাষণ

ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলনত ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত বহুকেইটা গুৰুত্বপূৰ্ণ দিশ আঙুলিয়াই দিয়ে ৷ নৰেন্দ্ৰ মোডীৰ মতে, জলবায়ু পৰিৱৰ্তন ৰোধ কৰিবলৈ বিশ্ববাসীয়ে একগোট হৈ কাম কৰিব লাগিব, যাতে শিক্ষাৰ পৰা মূল্যবোধলৈ আৰু জীৱন নিৰ্বাহৰ পৰা উন্নয়নমুলক দৰ্শনলৈ সকলোখিনিয়ে বিশ্ববাসীৰ বাবে সহজে বোধগম্য হৈ পৰে ৷

অৱশ্যে জৈৱিক ইন্ধন ব্যৱহাৰৰ ক্ষেত্ৰত আমেৰিকাই ভাৰতৰ বিপৰীত মেৰুত অৱস্থান গ্ৰহণ কৰিছিল 2017 চনতে ৷ 2017 চনত পেৰিছ জলবায়ু চুক্তিৰ পৰা ওলাই আহি এই চুক্তিয়ে আমেৰিকাক লাভাম্বিত কৰাৰ বিপৰীতে লোকচানৰ সন্মুখীন কৰিব বুলি কৈছিল ৰাষ্ট্ৰপতি ট্ৰাম্পে ৷ 2017 চনত মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে পেৰিছ জলবায়ু চুক্তিৰ পৰা সৰ্মথন উঠাই লোৱাৰ সময়ত জলবায়ু পৰিৱৰ্তনৰ বাবে ভাৰত আৰু চীনত তীব্ৰ সমালোচনাও কৰিছিল ৷ দেওবাৰে হাউচটনত অনুষ্ঠিত হৈ যোৱা হাউদি মোডী অনুষ্ঠানত দুয়োগৰাকী নেতাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ আৰু ভাৰত-মাৰ্কিন বন্ধুত্ব সুদৃঢ় কৰাৰ কথা উল্লেখ কৰিছিল ৷

Intro:Body:

ভাৰতৰ অজৈৱক ইন্ধন দুগুণ কৰিবলৈ মোডীৰ প্ৰতিজ্ঞা 

2022 চনৰ ভিতৰত ভাৰতক অজৈৱিক ইন্ধনত স্বাৱলম্বী কৰাৰ লক্ষ্য প্ৰধানমন্ত্ৰী মোডীৰ ৷  নৱীকৰণযোগ্য সম্পদ ধাৰণৰ ক্ষমতা 175 গিগাৱাটৰ পৰা 400 গিগাৱাট কৰাৰ লক্ষ্যৰে দেশে কাম কৰিব বুলি প্ৰধান মন্ত্ৰীৰ ঘোষণা ৷ 

নিউজ ডেস্ক,23 চেপ্তেম্বৰঃ 2020ৰ ভিতৰত ভাৰতবৰ্ষৰ অজৈৱিক ইন্ধন তথা নৱীকৰণযোগ্য সম্পদ ধাৰণৰ ক্ষমতা 175 গিগাৱাটৰ পৰা 400 গিগাৱাটলৈ বৃদ্ধি কৰা লক্ষ্য হাতত লৈছে ভাৰতে ৷ ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলন শীৰ্ষক বৈঠকত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ আহ্বান জনাই এইদৰে ঘোষণা কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ 

চলিত বৰ্ষৰ স্বাধীনতা দিৱসৰ ভাষণত মোডীয়ে পেৰিছ জলবায়ু চুক্তি অনুসৰি ভাৰতে 175 গিগাৱাট অজৈৱিক ইন্ধন উৎপাদন কৰিব বুলি ঘোষণা কৰিছিল ৷ 2022 চনৰ ভিতৰত এই ক্ষমতা 400 গিগাৱাটলৈ বৃদ্ধি কৰাত ভাৰত আগ্ৰহী বুলিও প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলনত প্ৰধানমন্ত্ৰী মোডীয়ে জলবায়ু পৰিৱৰ্তনৰ ওপৰত বিশ্ববাসীয়ে বিশেষ গুৰুত্ব প্ৰদান কৰিব লাগে বুলিও উল্লেখ কৰে ৷ বৰ্তমান সময়ত জলবায়ু পৰিৱৰ্তনৰ বাবে বিশ্ববাসীয়ে গ্ৰহণ কৰা স্থিতি সন্তোষজনক নহয় বুলি কয় প্ৰধানমন্ত্ৰী মোডীয়ে ৷ 

ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলনত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰা ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত বহুকেইটা গুৰুত্বপূৰ্ণ দিশ আঙুলিয়াই দিয়ে ৷ নৰেন্দ্ৰ মোডীৰ মতে, জলবায়ু পৰিৱৰ্তন ৰোধ কৰিবলৈ বিশ্ববাসীয়ে একগোট হৈ কাম কৰিব লাগিব, যাতে শিক্ষাৰ পৰা মূল্যবোধলৈ আৰু জীৱন নিৰ্বাহৰ পৰা উন্নয়নমুলক দৰ্শনলৈ সকলোখিনিয়ে বিশ্ববাসীৰ বাবে সহজে বোধগম্য হৈ পৰে ৷ 

অৱশ্যে জৈৱিক ইন্ধন ব্যৱহাৰৰ ক্ষেত্ৰত আমেৰিকাই ভাৰতৰ বিপৰীত মেৰুত অৱস্থান গ্ৰহণ কৰিছিল 2017 চনতে ৷ 2017 চনত পেৰিছ জলবায়ু চুক্তিৰ পৰা ওলাই আহি এই চুক্তিয়ে আমেৰিকাক লাভাম্বিত কৰাৰ বিপৰীতে লোকচানৰ সন্মুখীন কৰিব বুলি কৈছিল ৰাষ্ট্ৰপতি ট্ৰাম্পে ৷ 2017 চনত মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে পেৰিছ জলবায়ু চুক্তিৰ পৰা সৰ্মথন উঠাই লোৱাৰ সময়ত জলবায়ু পৰিৱৰ্তনৰ বাবে ভাৰত আৰু চীনত তীব্ৰ সমালোচনাও কৰিছিল ৷ দেওবাৰে হাউচটনত অনুষ্ঠিত হৈ যোৱা হাউদি মোডী অনুষ্ঠানত দুয়োগৰাকী নেতাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ আৰু ভাৰত-মাৰ্কিন বন্ধুত্ব সুদৃঢ় কৰাৰ কথা উল্লেখ কৰিছিল ৷

Conclusion:
Last Updated : Sep 24, 2019, 6:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.