ETV Bharat / international

মহামাৰী আৰু আন্তৰিক সহযোগিতা লৈ বাইডেনৰ সৈতে মোডীৰ বৈঠক - উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত কমলা হেৰিছ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আমেৰিকাৰ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ' বাইডেনৰ সৈতে বাৰ্তালাপত মিলিত হয় ৷ দুয়োগৰাকী নেতাই দুয়োখন দেশৰ মাজৰ সামৰিক সহযোগিতা, মহামাৰীৰ সৈতে মোকাবিলা, জৈৱ বৈচিত্ৰ্য আৰু ভাৰত-প্ৰশান্ত অঞ্চলৰ সহযোগিতা সন্দৰ্ভত বাৰ্তালাপ কৰে ৷ প্ৰধানমন্ত্ৰীয়ে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত কমলা হেৰিছকো শুভেচ্ছা জ্ঞাপন কৰে ৷

মহামাৰী আৰু আন্তৰিক সহযোগিতা লৈ বাইডেনৰ সৈতে মোডীৰ বৈঠক

author img

By

Published : Nov 18, 2020, 6:50 AM IST

নিউজ ডেস্ক, 18 নৱেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত জ' বাইডেনৰ সৈতে বাৰ্তালাপত মিলিত হয় ৷ বাইডেনৰ লগতে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত কমলা হেৰিছক শুভেচ্ছা জ্ঞাপন কৰি দুয়োখন দেশৰ মাজত ভাৰত-প্ৰশান্ত সামৰিক সহযোগিতাৰ ওপৰত বিষদ আলোচনা কৰে দুয়োগৰাকী নেতাই ৷ জ' বাইডেন আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পিচত এয়া তেওঁৰ সৈতে মোডীৰ প্ৰথমটো বাৰ্তালাপ আছিল ৷

  • Spoke to US President-elect @JoeBiden on phone to congratulate him. We reiterated our firm commitment to the Indo-US strategic partnership and discussed our shared priorities and concerns - Covid-19 pandemic, climate change, and cooperation in the Indo-Pacific Region.

    — Narendra Modi (@narendramodi) November 17, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভত টুইট কৰি জানিবলৈ দিয়ে ৷ প্ৰধানমন্ত্ৰীয়ে টুইট কৰি দুয়োখন দেশৰ উমৈহতীয়া চিন্তাৰ ওপৰত কাম কৰাৰ লগতে সামৰিক সহযোগিতা, মহামাৰীৰ সৈতে মোকাবিলা, জৈৱ বৈচিত্ৰ্য আদি দিশত আলোচনা কৰাৰ বিষয়ে জনায় ৷

প্ৰধানমন্ত্ৰীয়ে কমলা হেৰিছক শুভেচ্ছা জ্ঞাপন কৰি তেওঁ আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ ফলত আমেৰিকান-ইণ্ডিয়ান সম্পৰ্ক অধিক মজবুত হৈ পৰিব বুলি টুইট কৰে ৷

  • I also conveyed warm congratulations for VP-elect @KamalaHarris. Her success is a matter of great pride and inspiration for members of the vibrant Indian-American community, who are a tremendous source of strength for Indo-US relations.

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই সন্দৰ্ভত এক বিজ্ঞপ্তি প্ৰকাশ কৰি দুয়োগৰাকী নেতাৰ বাৰ্তালাপৰ বিষয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : কমলা হেৰিছেই নহয়, ভাৰতেৰে সম্পৰ্ক আছে জ' বাইডেনৰ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.