ETV Bharat / international

চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিল পেলে

author img

By

Published : Mar 1, 2022, 2:41 PM IST

কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত থকা বিখ্যাত ফুটবল খেলুৱৈ পেলে অৱশেষত উভতিল ঘৰলৈ। ১৩ ফেব্ৰুৱাৰীত চিকিৎসালয়ত ভৰ্তি হোৱা পেলেক অৱশেষত চিকিৎসকে দিলে ঘৰলৈ যাবলৈ অনুমতি (Pele has left hospital after infection)।

pele-has-left-hospital-after-infection
চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিল পেলে

ইন্টাৰনেশ্যনেল ডেস্ক,০১ মাৰ্চ: বিখ্যাত ফুটবল খেলুৱৈ পেলে আক্ৰান্ত হৈছিল কৰ্কট ৰোগত। মলাশয়ৰ কৰ্কট ৰোগত আক্ৰান্ত পেলেক ১৩ ফেব্ৰুৱাৰীত ভৰ্তি কৰোৱা হৈছিল চাও পাওলোৰ এলবাৰ্ট আইনষ্টাইন চিকিৎসালয়ত(Albert Einstein Hospital in Sao Paulo) । কিন্তু কেইদিনমান পিছতেই আন এক সংক্ৰমণ ধৰা পৰে ৮১ বছৰীয়া ফুটবল খেলুৱৈ গৰাকীৰ দেহত। বৰ্ষীয়ান খেলুৱৈগৰাকীৰ মুত্ৰনলীত হোৱা সংক্ৰমণৰ পাছতেই তেওঁক ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰে চিকিৎসকে।

চিকিৎসালয়খনে জনাইছিল যে প্ৰখ্যাত খেলুৱৈগৰাকীক শনিবাৰে ঘৰলৈ যাব দিয়া হৈছে(Pele has left hospital after infection) । চিকিৎসকে জনোৱা অনুসৰি ইতিমধ্যে তেওঁৰ মূত্ৰনলীৰ সংক্ৰমণৰ পৰা আৰোগ্য হৈছে আৰু তেওঁ বৰ্তমান সুস্থ অৱস্থাত আছে । ছেপ্টেম্বৰ ২০২১-ত চিনাক্ত কৰা মলাশয়ৰ টিউমাৰৰ চিকিৎসা অব্যাহত ৰাখিব বুলিও চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে ।

চিকিৎসাধীন অৱস্থাতে প্ৰখঅযাত খেলুৱৈগৰাকীয়ে তেওঁৰ নিজৰ টুইটাৰ একাউন্টত ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ সম্পৰ্কত এক বাৰ্তা প্ৰেৰণ কৰে য'ত ইউক্ৰেইনৰ প্ৰতি খেলুৱৈগৰাকীৰ সহানুভূতি স্পষ্ট । শুকুৰবাৰে কৰা টুইটতোত তেওঁ লিখিছিল, মই প্ৰাৰ্থনা কৰিছো , ঈশ্বৰক শান্তি, স্বাধীনতা আৰু প্ৰেম ৰক্ষা কৰিবলৈ প্ৰাৰ্থনা কৰিছো ।

আগষ্টৰ শেষত নিয়মীয়া পৰীক্ষাৰ পৰা পোৱা টিউমাৰৰ চিকিৎসাৰ বাবে পেলেৰ কেমোথেৰাপী চলি আছিল । শেহতীয়াকৈ তেওঁক চিকিৎসকে সুক্ষ্ম নিৰীক্ষণত ৰাখিছিল আৰু এমাহৰ পিছত অব্যাহতি দিয়া হৈছিল । তেতিয়াৰ পৰা তেওঁ চিকিৎসালয়ত কেইবাদিনো অতিবাহিত কৰিবলগাত পৰে । পেলেই ১৯৫৮, ১৯৬২ আৰু ১৯৭০ চনৰ বিশ্বকাপ জিকিছিল আৰু ৯২ খন খেলত ৭৭ গ'ল কৰি ব্ৰাজিলৰ সৰ্বকালৰ আগশাৰীৰ স্কোৰাৰ হিচাপে গৌৰৱ অৰ্জন কৰিছে ।

লগতে পঢ়ক: Ukraine crisis : ভাৰত পালেহি অপাৰেশ্যন গংগাৰ অধীনষ্ঠ সপ্তমখন বিমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.