ইণ্টাৰনেশ্যনেল ডেস্ক, ৫ এপ্ৰিল: আমেৰিকাৰ ভাৰ্জিনিয়া সমুদ্ৰতীৰত উত্তপ্ত পৰিস্থিতি । শনিবাৰে নিশা সংঘটিত গুলীচালনাত এগৰাকী লোক নিহত হোৱাৰ লগতে দুজন লোক গুৰুতৰভাৱে আহত হয় । তিনিবাৰকৈ চলোৱা গুলীচালনাত থিতাতে নিহত হয় লোকজন (২৫) । আৰক্ষীয়ে জনোৱা মতে, শনিবাৰে ১৬০০ ব্লকৰ হিয়াৱাথা ড্ৰাইভত নিশা প্ৰায় ১০:০৮ বজাত গুলীচালনাৰ উচিত প্ৰত্যুত্তৰ দিছিল । তাৰ পাচতেই ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ আহত লোক দুজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।
ঘটনা সন্দৰ্ভত সম্প্ৰতি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । এতিয়ালৈকে কোনো সন্দেহজনক ব্যক্তিৰ বিৰুদ্ধে উপযুক্ত তথ্য লাভ কৰা হোৱা নাই বুলি জানিবলৈ দিয়ে আৰক্ষীৰ লোকে । উল্লেখযোগ্য যে, ২৬ মাৰ্চত ভাৰ্জিনিয়া সমুদ্ৰতীৰত আৰক্ষীয়ে 'অতি বিশৃংখল নিশা' বুলি অভিহিত কৰাৰ এসপ্তাহ পাচতেই এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় ।
লগতে পঢ়ক: পোলেণ্ডৰ বিমানবন্দৰত বোমাতংক