নিউজ ডেস্ক,26 নৱেম্বৰ : বিগত বৰ্ষত প্ৰতি 1 মিনিট 40 ছেকেণ্ডত এটি শিশু তথা 20 বছৰৰ তলৰ কিশোৰ-কিশোৰী HIV ৰোগত আক্ৰান্ত হৈছে ৷ বুধবাৰে UNICEFয়ে এই কথা সদৰি কৰে ৷
প্ৰায় 3,20,000 টা শিশু আৰু কিশোৰ HIV ৰোগত আক্ৰান্ত হৈছিল আৰু বিগত বৰ্ষত 1,10,000 টা শিশু এইডছত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে ৷
UNICEFৰ এক প্ৰতিবেদনত উল্লেখিত অনুসৰি, 2019 চনত বিশ্বজুৰি আধাতকৈ কম শিশুৱে ইয়াৰ প্ৰতিষেধক লাভ কৰা নাছিল ৷ বৰ্তমানো শিশুসকল ভয়ানক হাৰত সংক্ৰমিত হৈ আছে ৷ এতিয়াও শিশুসকলৰ এইডছত আক্ৰান্ত হৈ মৃত্য়ু হৈ আছে ৷ HIVৰ প্ৰতিষেধক আৰু সেৱা প্ৰয়োগৰ পূৰ্বে আছিল ক’ভিডৰ মহত্ব আছিল ৷ UNICEFৰ কাৰ্যবাহী নিৰ্দেশক হেনৰীয়েটা ফ’ৰে এই কথা উল্লেখ কৰে ৷
UNICEFৰ মতে, শিশু, কিশোৰ আৰু গৰ্ভৱতী মহিলাসকলৰ ক্ষেত্ৰত HIVৰ প্ৰতিষেধকে ক’ভিড-19 মহামাৰীক বাধাপ্ৰদান কৰিব পাৰে ৷ বিশ্ববাসীয়ে ক’ভিড-19 মহামাৰীৰ সৈতে যুঁজ দি থকাৰ সময়তে সহস্ৰাধিক শিশু HIV ৰোগত আক্ৰান্ত হৈ আছে ৷
HIV/এইডছ নিৰ্মূলৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ ডেটাই উপায়, শৃংখলাৰ ব্য়ৱধান আৰু ব্য়ক্তিগত সুৰক্ষাৰ উপায়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে ৷
কিছুসংখ্যক দেশত শিশুৰ এই চিকিৎসা 50-70 শতাংশলৈ বৃদ্ধি পাইছিল যদিও এপ্ৰিল আৰু মে’ মাহত ক’ভিড-19ৰ বাবে 25-50 শতাংশলৈ হ্ৰাস পায় ৷
আনহাতে গৰ্ভৱতীসকলৰ চিকিৎসাৰ ক্ষেত্ৰত 20-60 শতাংশ, মাতৃ HIV পৰীক্ষণ আৰু এণ্টিৰেট্ৰ’ভাইৰেল থেৰাপী (ART)ৰ আৰম্ভণিতে 25-50 শতাংশ আৰু শিশু পৰীক্ষণ সেৱাত প্ৰায় 10 শতাংশ হ্ৰাস পাইছে ৷
HIV/এইডছৰ বিৰুদ্ধে দশকজুৰি চলি থকা যুঁজত কিছু প্ৰগতি হোৱাৰ পাচতো বিশেষৰূপে শিশুৰ বাবে এক গভীৰ বৈষম্যই স্থান পাইছে বুলি UNICEFয়ে উল্লেখ কৰে ৷
মধ্য প্ৰাচ্য় আৰু উত্তৰ আফ্ৰিকা অঞ্চলত 81 শতাংশ ART চিকিৎসাৰ পঞ্জীয়ণভুক্ত কৰা হৈছে ৷ আনহাতে দক্ষিণ এছিয়াত 76 শতাংশ, পূৱ আৰু দক্ষিণ আফ্ৰিকাত 58 শতাংশ, পূৱ এছিয়া আৰু ইয়াৰ প্ৰান্তীয় অঞ্চলত 50 শতাংশ পঞ্জীয়ণভুক্ত কৰা হৈছে ৷
লগতে পঢ়ক : শান্তিৰ নবেল, 2021 ৰ বাবে মনোনীত ইজৰাইলৰ প্ৰধানমন্ত্ৰী আৰু আবুধাবিৰ প্ৰিন্স