ETV Bharat / international

COVID-19 প্ৰতিৰোধ : নিউয়ৰ্কত স্বাস্থ্যকৰ্মীলৈ সন্মান প্ৰদৰ্শন - নিউয়ৰ্কত অভিনৱ প্ৰচেষ্টা

নিউয়ৰ্কত অভিনৱ প্ৰচেষ্টা ৷ বিভিন্ন ৰঙৰ লাইট জ্বলাই স্বাস্থ্যকৰ্মীলৈ সন্মান প্ৰদৰ্শন ৷

কোভিড-19 প্ৰতিৰোধ
নিউয়ৰ্কত স্বাস্থ্যকৰ্মীলৈ সন্মান প্ৰদৰ্শন
author img

By

Published : Apr 10, 2020, 6:48 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 10 এপ্ৰিল : ৰাষ্ট্ৰজোৰা COVID-19 প্ৰতিৰোধৰ বাবে কঠোৰ পৰিশ্ৰম কৰি থকাসকলৰ সন্মানাৰ্থে নিউয়ৰ্কৰ কেইবাটাও বিখ্যাত স্থানত বৃহস্পতিবাৰে নিশা বিভিন্ন ৰঙৰ লাইট জ্বলোৱা হয় ৷ স্বাস্থ্যকৰ্মীসকলক সন্মান জনাবৰ বাবে নিউয়ৰ্কৰ বিভিন্ন স্থানত ৰঙা, বগা আৰু নীলা লাইট জ্বলোৱা হয় ৷

নিউয়ৰ্কত স্বাস্থ্যকৰ্মীলৈ সন্মান প্ৰদৰ্শন

উল্লেখ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কতে COVID-19 ত আক্ৰান্তৰ লগতে মৃত্যু হোৱা লোকৰ সংখ্যা অধিক ৷ ৰাজ্যখনে এটা দিনত সৰ্বাধিক 799 জন লোকৰ প্ৰাণ হেৰুৱাইছে ৷ বৰ্তমানলৈকে 7,000 লোকে নিউয়ৰ্কত প্ৰাণ হেৰুওৱাইছে ৷ আমেৰিকাত সৰ্বমুঠ মৃত্যু হোৱা আধাসংখ্যক লোকই নিউয়ৰ্কৰ বুলি জানিব পৰা গৈছে ৷

বিশ্ববিখ্যাত ওৱৰ্ল্ড ট্ৰেড চেন্টাৰত কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে যুঁজ দি অহা স্বাস্থ্যকৰ্মীসকলৰ সন্মানাৰ্থে নীলা ৰঙৰ লাইট জ্বলোৱা হয় ৷

বৃহস্পতিবাৰৰ এই সন্মানজনক প্ৰচেষ্টাৰ বাবে নিউয়ৰ্কৰ ৰাজ্যপাল এন্ড্ৰিউ কোৱমোয়ে সন্মতি প্ৰদান কৰিছিল ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.