নিউড ডেস্ক, 18 জুলাই: ম্যাছাচুছেটছৰ এক সমীক্ষাত দেখিবলৈ পোৱা গৈছে, তেজৰ প্ৰকাৰৰ লগত COVID-19 ৰ কোনো ধৰণৰ সম্পৰ্ক নাই ৷ ম্যাছাচুছেটছ জেনেৰেল হাস্পতালৰ প্ৰতিবেদনত, সকলো সহ-সম্বন্ধ গৱেষক সকলে COVID আৰু তেজৰ প্ৰকাৰৰ বিষয়ে উল্লেখ কৰিছে ৷
অধ্যয়নটোৰ পৰা প্ৰকাশ পাইছে যে, ABO ব্লাড গ্ৰুপ হ'লেই ৰোগৰ গভীৰতা বা চিন্তা বৃদ্ধি পায় বুলি কোনো কাৰণ নাই ৷
পূৰ্বৰ প্ৰতিবেদন সমূহত A ব্লাড গ্ৰুপৰ লোকৰ ক্ষেত্ৰত COVID-19 ৰ সংক্ৰমণ আৰু মৃত্যুৰ সম্ভাৱনা বেছিকৈ দেখিবলৈ পোৱা যায় বুলি উল্লেখ কৰা হৈছিল ৷
ম্যাছাচুছেটছ জেনেৰেল হাস্পতালৰ গৱেষক সকলে বিশাল ডাটাবেচ অৰ্থাৎ তথ্য অংকণ কৰি এই ক্ষেত্ৰত নিজাববীয়াকৈ অনুসন্ধান আৰম্ভ কৰিছিল ৷ এই সমীক্ষাত 1,289 গৰাকী বয়স্ক লোকক অন্তৰ্ভুক্ত কৰা হৈছিল ৷ যিসকল COVID-19 ত আক্ৰান্ত আছিল ৷ অধ্যয়নৰ বাবে তেওঁলোকৰ তেজৰ নমুনা সংগ্ৰহ কৰি নথিভুক্ত কৰা হৈছিল ৷
পাৰিসাংখ্যিক বিশ্লেষণে সংক্ৰমিত ৰোগী সকলৰ মৃত্যুৰ ক্ষেত্ৰত তেজৰ প্ৰকাৰৰ স্বতন্ত্ৰ প্ৰভাৱ নিৰ্ধাৰিত কৰে ৷
COVID-19 আক্ৰান্তৰ ক্ষেত্ৰত দহন হোৱা বুলি গম পোৱাটো যথেষ্ট গুৰুত্বপূৰ্ণ ৷ কিয়নো ই প্ৰমাণ কৰিছে যে,আক্ৰান্তৰ দেহত প্ৰণালীবদ্ধ দহনৰ সৃষ্টি হয় যিয়ে ৰোগ বৃদ্ধি কৰি মৃত্যুমুখলৈ লৈ যায় ৷ এনেদৰে এক বিশ্লেষণ দাঙি ধৰে চিকিৎসালয় খনৰ পৰিচালক অনাহিতা c ৷
"এই ক্ষেত্ৰত আমি দেখিছিলো যে, তেজৰ প্ৰকাৰ নিৰ্বিশেষে আক্ৰান্ত ৰোগী সকলৰ ক্ষেত্ৰত দহনৰ চিহ্ন সমূহ অনুৰূপ আছিল" এনেদৰে উল্লেখ কৰে দোৱাই ৷
যুক্তৰাষ্ট্ৰৰ কেমব্ৰীজ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে কৰ'ণা আক্ৰান্ত ৰোগী সকলৰ তেজত প্ৰ'টিন চিহ্নিত কৰিছিল, যি ৰোগৰ গভীতাৰ স'তে জড়িত ৷
IL-6 এ উল্লেখ কৰা অনুসৰি, এবিধ এনে প্ৰ'টিন আছে যিয়ে দহন উৎপন্ন কৰে ৷ যিটো পূৰ্বৰ অধ্যয়ন অনুসৰি গভীৰভাৱে COVID-19 ৰ লক্ষণ সমূহৰ সৈতে জড়িত ৷
লগতে পঢ়ক: বহিৰাগমনে উপকৃত কৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰক: USIBCৰ সচিব