ETV Bharat / international

ৰাষ্ট্ৰীয় সুৰক্ষা, ক'ভিড-19 সম্পৰ্কত ট্ৰাম্প-বিডেনৰ পৰৱৰ্তী বাকযুদ্ধ

author img

By

Published : Oct 17, 2020, 10:29 AM IST

বিভিন্ন বিষয়ক সাঙুৰি অনুষ্ঠিত হ'ব ট্ৰাম্প আৰু বিডেনৰ ৰাষ্ট্ৰপতীয় বাকযুদ্ধ ৷ ক'ভিড-19 আৰু ৰাষ্ট্ৰীয় সুৰক্ষা লগতে বহুকেইটা বিষয়বস্তু থাকিব এই বাকযুদ্ধত ৷

ৰাষ্ট্ৰীয় সুৰক্ষা, ক'ভিড-19 সম্পৰ্কত ট্ৰাম্প-বিডেনৰ বাকযুদ্ধ
ট্ৰাম্প-বিডেনৰ ৰাষ্ট্ৰপতীয় বাকযুদ্ধ

ইন্টাৰনেশ্যনেল ডেস্ক, 17 অক্টোবৰ : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প আৰু ডেম'ক্ৰেটিক প্ৰাৰ্থী জোছেফ বিডেনৰ পৰৱৰ্তী বাকযুদ্ধৰ মূল বিষয়বস্তুৰ ভিতৰত অন্যতম হ'ব ক'ভিড-19 আৰু ৰাষ্ট্ৰীয় সুৰক্ষা ৷ শুকুৰবাৰে ৰাষ্ট্ৰপতীয় বাকযুদ্ধ সম্পৰ্কত এই তথ্য প্ৰদান কৰে ডিবেট কমিছনে ৷

কমিছনে কয়, "22 অক্টোবৰ, 2020 ৰ ৰাষ্ট্ৰপতীয় বাকযুদ্ধৰ মধ্যস্থতাকাৰী কিৰ্ষ্টেন ৱেলকাৰে এই বিষয়বস্তুসমূহ তৰ্কৰ বাবে নিৰ্বাচিত কৰিছে ৷ " লগতে কমিছনে কয় যে, ক'ভিড-19 আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ উপৰি আমেৰিকাৰ পৰিয়াল ব্যৱস্থা, বতৰ পৰিৱৰ্তন, নেতৃত্ব আদি বিভিন্ন সম্পৰ্কত বাকযুদ্ধত আলোচনা কৰা হ'ব ৷

উল্লেখ্য যে, নেশ্বভিল্লেৰ বেলমন্ট বিশ্ববিদ্যালয়ত 22 অক্টোবৰত আমেৰিকাৰ ৰাষ্ট্ৰপতীয় নিৰ্বাচনৰ দুই প্ৰাৰ্থীৰ মাজত পৰৱৰ্তী বাকযুদ্ধ অনুষ্ঠিত হ'ব ৷

ইয়াৰ পূৰ্বে ট্ৰাম্প আৰু বিডেনৰ মাজত অনুষ্ঠিত হ'বলগা দ্বিতীয় বাকযুদ্ধ বাতিল কৰা হৈছিল ৷ ট্ৰাম্প কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা বাবে গ্ৰহণ কৰা হৈছিল এই সিদ্ধান্ত ৷

The Associated Press-NORC Center for Public Affairs Research ৰ মতে, দেশৰ গুৰুত্বপূৰ্ণ বিষয়সমূহ সন্দৰ্ভত দেশখন দুভাগত বিভক্ত হৈছে আৰু বহুলোকে দেশৰ স্বতন্ত্ৰতাক লৈও সন্দেহ কৰিছে ৷ ইয়াৰোপৰি, ট্ৰাম্প আৰু বিডেনৰ সমৰ্থকে বিশ্বাস কৰে যে, বিৰোধী প্ৰাৰ্থীগৰাকী নিৰ্বাচিত হ'লে দেশৰ পৰিস্থিতি বেয়ালৈ ঢাল খাব ৷

লগতে পঢ়ক : এছ আই কেলেংকাৰীৰ অভিযুক্ত দেৱৰাজ দাসক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.