ETV Bharat / international

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত অংশগ্ৰহণ কৰিব মোডীয়ে - 74TH SESSION

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ শুকুৰবাৰে ৰাষ্ট্ৰসংঘৰ পৰা দাখিল কৰা এক বিবৃতি অনুসৰি ছেপ্তেম্বৰ মাহৰ 17 তাৰিখে ৰাষ্ট্ৰসংঘৰ 74 সংখ্যক বৈঠক অনুষ্ঠিত হ'ব ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
author img

By

Published : Jul 13, 2019, 7:49 PM IST

ইন্টাৰনেশ্বনেল ডেস্ক,13 জুলাই : কেন্দ্ৰীয় চৰকাৰৰ এক বিশেষ সূত্ৰই জানিবলৈ দিয়া অনুসৰি চলিত বৰ্ষৰ ছেপ্তেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ শুকুৰবাৰে ৰাষ্ট্ৰসংঘৰ পৰা দাখিল কৰা এক বিবৃতি অনুসৰি ছেপ্তেম্বৰ মাহৰ 17 তাৰিখে ৰাষ্ট্ৰসংঘৰ 74 সংখ্যক বৈঠক অনুষ্ঠিত হ'ব ৷

উল্লেখ্য যে, এই ভ্ৰমণকালতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ বৈঠকৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে বিশ্বৰ নেতাসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকতো মিলিত হ'ব ৷ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত এইয়া প্ৰধানমন্ত্ৰী গৰাকীৰ দ্বিতীয়খন বৈঠক ৷ ইয়াৰ পূৰ্বে 2014 চনৰ ছেপ্তেম্বৰ মাহত তেওঁ ক্ষমতালৈ অহাৰ পাছত এই সভাত অংশগ্ৰহণ কৰিছিল ৷ ইয়াৰ পাছৰ পৰা ৰাষ্ট্ৰসংঘৰ বৈঠক সমূহত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজে অংশগ্ৰহণ কৰি আহিছিল ৷

MODI TO ATTEND UN GENERAL ASSEMBLY MEET IN SEPTEMBER

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত অংশগ্ৰহণ কৰিব মোডীয়ে

ইন্টাৰনেশ্বনেল ডেস্ক, 13 জুলাই : কেন্দ্ৰীয় চৰকাৰৰ এক বিশেষ সূত্ৰই জানিবলৈ দিয়া অনুসৰি চলিত বৰ্ষৰ ছেপ্তেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ শুকুৰবাৰে ৰাষ্ট্ৰসংঘৰ পৰা দাখিল কৰা এক বিবৃতি অনুসৰি ছেপ্তেম্বৰ মাহৰ 17 তাৰিখে ৰাষ্ট্ৰসংঘৰ 74 সংখ্যক বৈঠক অনুষ্ঠিত হ'ব ৷

উল্লেখ্য যে, এই ভ্ৰমণকালতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ বৈঠকৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে বিশ্বৰ নেতা সকলৰ সৈতে দ্বিপাক্ষিক বৈঠকতো মিলিত হ'ব ৷ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত এইয়া প্ৰধানমন্ত্ৰী গৰাকীৰ দ্বিতীয় খন বৈঠক ৷ ইয়াৰ পূৰ্বে 2014 চনৰ ছেপ্তেম্বৰ মাহত তেওঁ ক্ষমতালৈ অহাৰ পাছত এই সভাত অংশগ্ৰহণ কৰিছিল ৷ ইয়াৰ পাছৰ পৰা ৰাষ্ট্ৰসংঘৰ বৈঠক সমূহত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজে অংশগ্ৰহণ কৰি আহিছিল ৷ 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.