ETV Bharat / international

কিয় বিবাহ বিচ্ছেদ ঘটিল বিল গেটচ আৰু মেলিণ্ডা গেটচৰ ? - অনুসন্ধান

বিশ্বৰ ধৰ্নাঢ্য ব্যক্তি বিল গেটচৰ বিৰুদ্ধে যৌন সম্পৰ্কৰ অভিযোগ ৷ বিল গেটচৰ যৌন সম্পৰ্কৰ অভিযোগৰ বিৰুদ্ধে তদন্ত কৰিছে মাইক্ৰছফ্ট কৰ্প'ৰেটৰ ব'ৰ্ডৰ সদস্যসকলে ৷ ব'ৰ্ডৰ তদন্ত সমাপ্ত হোৱাৰ আগতেই ব’ৰ্ডৰ পৰা পদত্যাগ কৰে গেটচে ৷ সুদীৰ্ঘ ২৭ বছৰৰ পাচত বিল গেটছ আৰু মেলিণ্ডা গেটচে বিবাহ বিচ্ছেদৰ ঘোষণা ৷

Microsoft probed Bill Gates over alleged sexual relationship
বিল গেটছৰ বিৰুদ্ধে যৌন সম্পৰ্কৰ অভিযোগ
author img

By

Published : May 17, 2021, 9:46 PM IST

Updated : May 18, 2021, 11:25 AM IST

ইন্টাৰনেচনেল ডেক্স, 17 মে': বিশ্বৰ ধৰ্নাঢ্য ব্যক্তি, ১০০ বিলিয়ন আমেৰিকান ডলাৰৰ গৰাকী তথা মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক বিল গেটচৰ বিৰুদ্ধে উঠিছে যৌন সম্পৰ্কৰ অভিযোগ ৷ ৱাল ষ্ট্ৰীট জাৰ্নেলৰ এক প্ৰতিবেদন অনুসৰি মাইক্ৰ’ছফ্ট কৰ্প'ৰেটৰ ব'ৰ্ডৰ সদস্যসকলে বিল গেটচৰ যৌন সম্পৰ্কৰ অভিযোগৰ বিৰুদ্ধে এক তদন্ত কৰিছিল ৷ 2020 চনত মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক বিল গেটচ ইয়াৰ ব'ৰ্ডৰ থকাটো উচিত নহয় এটা সিদ্ধান্ত লৈছিল ৷

উল্লেখ্য যে, ব'ৰ্ডৰ সদস্যসকলে ২০১৯ ৰ শেষৰ ফালে বিষয়টো সন্দৰ্ভত তদন্ত কৰিবলৈ এটা আইন প্ৰতিষ্ঠানক নিয়োগ কৰিছিল ৷ তদান্তধীন সময়ত এগৰাকী মাইক্ৰ’ছফ্ট অভিযন্তাই গেটচৰ সৈতে কেইবা বছৰ ধৰি যৌন সম্পৰ্ক ৰাখিছিল বুলি প্ৰতিষ্ঠানটোক পত্ৰযোগে অৱগত কৰিছিল ৷ মন কৰিবলগীয়া যে, ব'ৰ্ডৰ তদন্ত সমাপ্ত হোৱাৰ আগতেই গেটচে ব’ৰ্ডৰ পৰা পদত্যাগ কৰিছিল ৷ ইপিনে গেটচৰ এগৰাকী প্ৰবক্তাই জাৰ্নেলক স্বীকাৰ কৰা অনুসৰি প্ৰায় ২০ বছৰ আগতে গেটচৰ এটা সম্পৰ্ক আছিল আৰু সেইটো সৌহাৰ্দপূৰ্ণভাৱে সমাপ্ত হৈছিল ৷ গেটচৰ ব’ৰ্ডৰ পৰা পদত্যাগৰ সিদ্ধান্তৰ লগত এই বিষয়টোৰ কোনো সম্পৰ্ক নাছিল ৷

দেওবাৰে এছ'চিয়েটেড প্ৰেছলৈ প্ৰেৰণ কৰা এক ই-মেইলত মাইক্ৰ’ছফ্টে উল্লেখ কৰিছিল যে 2019 চনৰ শেষাৰ্ধত কোম্পানীৰ কৰ্মচাৰী এগৰাকীৰ এটা অভিযোগ লাভ কৰিছিল, য’ত বিল গেটচে 2000 চনৰে পৰা কোম্পানীৰ কৰ্মচাৰী গৰাকীৰ সৈতে এক অন্তৰংগ সম্পৰ্ক আৰম্ভ কৰিব বিচাৰিছিল ৷ এই সন্দৰ্ভত ব'ৰ্ডৰ সমিতিয়ে অনুসন্ধান কৰাৰ বাবে বাহিৰৰ আইনৰ প্ৰতিষ্ঠান এটাৰ সহায়ত বিষয়টোৰ পুংখানুপুংখ পৰ্যালোচনা কৰিছিল । সমগ্ৰ অনুসন্ধানৰ সময়ছোৱাত মাইক্ৰ’ছফ্টে অভিযোগ উত্থাপন কৰা কৰ্মচাৰী গৰাকীক ব্যাপক সমৰ্থন প্ৰদান কৰিছিল ৷

দ্য টাইমছ নামৰ আলোচনীখনে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি ইতিপূৰ্বেও বিল গেটচে মাইক্ৰ’ছফ্ট আৰু বিল এণ্ড মেলিণ্ডা গেটচ ফাউণ্ডেচনত তেওঁৰ বাবে কাম কৰা মহিলাসকলক প্ৰস্তাৱ দিছিল ৷ উল্লেখ্য যে, সুদীৰ্ঘ ২৭ বছৰৰ পিছত বিল গেটচ আৰু মেলিণ্ডা গেটচে বিবাহ বিচ্ছেদৰ ঘোষণা কৰিছে ৷ অৱশ্যে বিশ্বৰ অন্যতম বৃহৎ দাতাবেচ(DATABASE) প্ৰতিষ্ঠান বিল এণ্ড মেলিণ্ডা গেটচ ফাউণ্ডেচনত একেলগে কাম কৰি থাকিব ।

লগতে পঢ়ক : সোৱণশিৰিত নদীয়ে খেদিছে নৈপৰীয়াক

Last Updated : May 18, 2021, 11:25 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.