নিউজ ডেস্ক, ২২ এপ্ৰিলঃ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰশংসা মাইক্ৰ'ছফ্টৰ সহ-প্ৰতিষ্ঠাপনক বিল গেটছৰ । মহামাৰী COVID-19 ৰ প্ৰতিৰোধৰ বাবে কৰা ব্যৱস্থা, দেশজুৰি কৰা স্বাস্থ্য ব্যৱস্থা তথা লক ডাউনকে ধৰি বিভিন্ন ব্যৱস্থাৰ প্ৰশংসা কৰি নৰেন্দ্ৰ মোডীৰ নেতৃত্বৰ প্ৰশংসাত পঞ্চমুখ হয় বিল গেটছ ।
গেটছে মোডীৰ প্ৰশংসা কৰি কয় যে, "মই আপোনাৰ লগতে আপোনাৰ চৰকাৰৰ সক্ৰিয় পদক্ষেপ সমূহৰ সন্মান তথা শলাগ লৈছো । যিয়ে ভাৰতত মহামাৰী COVID-19 ৰ সংক্ৰমণ ৰোধ তথা জনসাধৰণক সংকিত নহোৱাৰ বাবে গ্ৰহণ কৰা হৈছে । যেনে, দেশজুৰি কৰা লক ডাউন , হটস্পট ঠাইসমূহ চিনাক্ত কৰা, COVID-19 ৰ পৰীক্ষা তথা স্বাস্থ্য ব্যৱস্থা উন্নত কৰা ।"
লগতে কয়, "মই আনন্দিত যে, আপোনাৰ চৰকাৰে COVID-19 প্ৰতিৰোধ কৰিবলৈ ডিজিটেল মাধ্যম সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিছে । স্বাস্থ্য সেৱাৰ সৈতে সনসাধৰণক সংযুক্ত কৰাৰ বাবে আৰোগ্য সেতু নামেৰে ডিজিটেল এপ ব্যৱহাৰ কৰিছে ।"
উল্লেখ্য যে, বুধবাৰে, ভাৰতত বিগত ২৪ ঘণ্টাত ১৪,৮৬ জন ব্যক্তি COVID-19ত আক্ৰান্ত হোৱাৰ উপৰিও ৪৯ জনৰ মৃত্যু হয় । বৰ্তমান পৰ্যন্ত ভাৰতত COVID-19 ত আক্ৰান্ত ৰোগীৰ সংখ্যা ২০,৪৭১ জন ।