ETV Bharat / international

বিমানৰ পৰা জপিয়াই ৰঙাঘৰৰ আলহী ড্ৰাগছ আসক্ত - passenger jumped from plane

লুইছ এণ্টনিঅ' ভিক্ট’ৰিয়া ডমিনগুয়েজ নামৰ মেক্সিক’ৰ লোক এজনে বিমানৰ জৰুৰীকালীন প্ৰস্থানৰ দ্বাৰা জপিয়াই আঘাতপ্ৰাপ্ত হয় ৷ তাৰ পূৰ্বে প্লেনৰ ককপিটত (aeroplane cockpit) প্ৰৱেশ কৰিবলৈ চেষ্টা চলোৱা লোকজন ড্ৰাগছ আসক্ত আছিল বুলি জানিব পৰা যায় ।

20 years in prison
লছ এঞ্জেলছত বিমানৰ পৰা জপিয়াই ৰঙাঘৰৰ আলহী ড্ৰাগছ আসক্ত লোক
author img

By

Published : Jun 29, 2021, 6:58 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৯ জুন : কেলিফৰ্ণিয়াৰ চহৰ লছ এঞ্জেলছত (Los Angeles) চাঞ্চল্যকৰ ঘটনা । চলন্ত বিমানৰ পৰা জপিয়ালে এজন যাত্ৰী । লছ এঞ্জেলছত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটৰ্ণীৰ কাৰ্যালয়ে জনোৱা মতে, লুইছ এণ্টনিঅ' ভিক্ট’ৰিয়া ডমিনগুয়েজ নামৰ মেক্সিক’ৰ লোক এজনে বিমানৰ জৰুৰীকালীন প্ৰস্থানৰ দ্বাৰা জপিয়াই আঘাতপ্ৰাপ্ত হয় ৷ তাৰ পূৰ্বে প্লেনৰ ককপিটত (aeroplane cockpit) প্ৰৱেশ কৰিবলৈ চেষ্টা চলোৱা লোকজন ড্ৰাগছ আসক্ত আছিল বুলি জানিব পৰা যায় ।

লোকজনৰ ইতিমধ্যে অস্ত্ৰোপচাৰ সম্পন্ন হৈছে ৷ তেওঁৰ বিৰুদ্ধে ইতিমধ্যে এক গোচৰ ৰুজু কৰা হৈছে । এগৰাকী বিমান কৰ্মীক আক্ৰমণ কৰাৰ অভিযোগত তেওঁক এই সপ্তাহতে ফেডাৰেল আদালতত হাজিৰ কৰোৱা হ'ব ৷ আদালতত দোষী সাব্যস্ত হ'লে ২০ বছৰ পৰ্যন্ত কাৰাবাস হ'ব পাৰে ।

৩৩ বছৰীয়া লোকজনে মঙলবাৰে মেক্সিক’ৰ কাবো চান লুকাসৰ পৰা লছ এঞ্জেলছলৈ আহিছিল । তেওঁ চল্ট লেক চিটিলৈ যাব বিচাৰিছিল । ইফালে তেওঁৰ কোনো সংগীও নাছিল বিমানখনত ।

এফবিআইয়ে প্ৰকাশ কৰা মতে, তেওঁ লছ এঞ্জেলছৰ ডাউন টাউনৰ এখন হোটেলত নিশা আছিল য'ত মাদক দ্ৰব্য সেৱন কৰিছিল ৷ লগতে ২০ আমেৰিকান ডলাৰ খৰচ কৰি যথেষ্ট পৰিমাণে ক্ৰিষ্টেল মেথ (crystal meth) নামৰ ড্ৰাগছ ক্ৰয় কৰিছিল । এই ড্ৰাগছ সেৱনৰ পিছত তেওঁ উতাহ চহৰলৈ বাছেৰে যোৱাৰ পৰিৱৰ্তে বিমানেৰে যোৱাৰ সিদ্ধান্ত লৈছিল । বৃহস্পতিবাৰে বিমানবন্দৰলৈ যোৱাৰ আগতেও তেওঁ যথেষ্ট পৰিমাণে ড্ৰাগছ সেৱন কৰিছিল ৷

স্কাইৱেষ্ট এয়াৰলাইনছৰ দ্বাৰা পৰিচালিত ইউনাইটেড এয়াৰলাইনছ ফ্লাইট ৫৩৬৫ ত চল্ট লেক চিটিলৈ যাবলৈ মন মেলে লোকজনে । বিমানখনে যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে বিমানৰ পৰা নামিব বিচাৰিছিল ৷ কিন্তু অভিযুক্তজনে জোৰ কৰি জৰুৰীকালীন দুৱাৰ খোলে । ঘটনা সন্দৰ্ভত ইতিমধ্যে এফবিআইয়ে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: ভাৰত মহাসাগৰত কন্টেইনাৰ ভৰ্তি জাহাজত অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.