ইন্টাৰনেশ্যনেল ডেক্স,5 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনৰ সপক্ষে শনিবাৰে ৰাজপথলৈ ওলাই আহে আটলান্টা আৰু চিয়াটেলৰ প্ৰৱাসী ভৰতীয়সকল ৷ চিয়েটেলত আইনখনৰ সপক্ষে এই সমদল বাহিৰ কৰে 40 গৰাকীকৈ ভাৰতীয় আমেৰিকান নাগৰিকে ৷ সমৰ্থনকাৰীসকলে "কা বৈষম্যমূলক নহয়, বৰং ই নিৰ্যাতিত সংখ্যালঘুসকলক সমৰ্থন কৰে" বুলি হাতে হাতে প্লে-কাৰ্ড আৰু পোষ্টাৰ লৈ আহে ৷
আটলান্টাটো 100 জনীয়া এটি দলে হাতে হাতে প্লে-কাৰ্ড আৰু জাতীয় পতাকা লৈ আইনখনৰ সমৰ্থনত ওলাই আহে ৷ তেঁওলোকে কয় যে, এনআৰআই সকলে নাগৰিকত্ব সংশোধনী আইনক সমৰ্থন কৰে আৰু এই আইন ভাৰতপন্থী ৷ শনিবাৰে লণ্ডনতো আইনখনৰ সমৰ্থনত সমদল উলিওৱা প্ৰত্যক্ষ কৰা হয় ৷
পাৰ্লিয়ামেন্ট স্ক’ৱেৰৰ বাহিৰত একত্ৰিত হৈ আইনখনৰ সমৰ্থনত ওলাই অহা প্ৰৱাসী ভাৰতীয় লোকসকলে কয় যে, ভাৰতীয় চৰকাৰখনে পাকিস্তান,বাংলাদেশ আৰু আফগানিস্থানৰ সংখ্যালঘু লোকলসকলৰ ওপৰত গুৰুত্ব প্ৰদান কৰি মানৱীয়তাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে ৷
লগতে পঢ়ক-ক’ত বিক্ৰী হয় এন্দুৰৰ মাংস ?