ETV Bharat / international

উদ্বোধনী দিৱসৰ নৈশ ভোজৰ তালিকাত থাকিব কমলা হেৰিছৰ প্ৰিয় খাদ্য - কমলা হেৰিছৰ প্ৰিয় খাদ্য গাম্বো

গাম্বো হ’ল লুইজিয়ানাৰ ৰাজ্যিক খাদ্য ৷ ছেফ ৰবাৰ্ট ডৰ্জেই কয় যে, তেঁও আৰু উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ দুয়ো বাৰ্কলীৰ Thousand Oaks Elementary schoolত একেলগে অধ্যয়ন কৰিছিল ৷

Inauguration Day dinner features Kamala Harris' favourite dish
উদ্বোধনী দিৱসৰ নৈশ ভোজৰ তালিকাত থাকিব কমলা হেৰিছৰ প্ৰিয় খাদ্য
author img

By

Published : Jan 19, 2021, 6:30 PM IST

নিউজ ডেস্ক,19 জানুৱাৰী: নৱ নিৰ্বাচিত মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ কাৰ্যকালৰ উদ্বোধনী দিনটোৰ নৈশ ভোজৰ বাবে খাদ্য প্ৰস্তত কৰিব চান ফ্ৰাঞ্চিস্ক’ৰ ছেফ ৰবাৰ্ট ডৰ্জেই ৷ এই বিশেষ দিনটোত ডৰ্জেই উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ প্ৰিয় খাদ্য চি ফুড গাম্বো, কেলেৰি, বেল পেপাৰ আৰু পিঁয়াজেৰে মাংস অথবা ছেলফিছ প্ৰস্তুত কৰিব ৷

উল্লেখ্য যে, গাম্বো হ’ল লুইজিয়ানাৰ ৰাজ্যিক খাদ্য ৷ ছেফ ৰবাৰ্ট ডৰ্জেই কয় যে, তেঁও আৰু উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ দুয়ো বাৰ্কলীৰ Thousand Oaks Elementary schoolত একেলগে অধ্যয়ন কৰিছিল ৷

শিক্ষা জীৱনৰ উপৰিও ডৰ্জেই উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ আৰু তেওঁৰ আন এটি কথাত মিল থকা বুলি কয় ৷ সেইয়া হ’ল গাম্বো দুয়োগৰাকীৰে প্ৰিয় খাদ্য ৷ ইয়াৰ বাবেই তেওঁ উদ্বোধনী অনুষ্ঠানৰ খাদ্যৰ তালিকাত গাম্বো অন্তৰ্ভূক্ত কৰিবলৈ অনুপ্ৰেৰণা লাভ কৰে ৷

নতুন প্ৰশাসনক সু-স্বাদু খাদ্যৰে আদৰিবলৈ নিজৰ দলৰ সৈতে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰা বুলি ABC7 নিউজক অৱগত কৰে ৰবাৰ্ট ডৰ্জেই ৷

লগতে পঢ়ক-উপ-ৰাষ্ট্ৰপতি হিচাপে অন্তিমবাৰ সেনাক সম্বোধন মাইক পেন্সৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.