ETV Bharat / international

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ আসন অলংকৃত কৰিব জ' বাইডেনে - Biden's Presidency

আমেৰিকা যুক্তৰাষ্ট্ৰৰ 46 সংখ্যক ৰাষ্ট্ৰ প্ৰধান হিচাপে 20 জানুৱাৰীত শপত গ্ৰহণ কৰিব জ' বাইডেনে ৷ ড'নাল্ড ট্ৰাম্পৰ সলনি নতুন ৰাষ্ট্ৰপতিৰ আসন অলংকৃত কৰিলে নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি গৰাকীয়ে ৷

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ আসন অলংকৃত কৰিব জ' বাইডেনে

author img

By

Published : Jan 20, 2021, 1:47 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 20 জানুৱাৰী: আমেৰিকা যুক্তৰাষ্ট্ৰত ক'ভিড মহামাৰীয়ে ত্ৰাস চলাই থকাৰ মাজতে সলনি হৈছে ৰাজনৈতিক মহল ৷ হঠাৎ সংঘটিত হোৱা বিভিন্ন বিক্ষিপ্ত ঘটনাৰ মাজেৰে বুধবাৰে ৰাষ্ট্ৰ প্ৰধান হিচাপে শপত গ্ৰহণ কৰিব জ' বাইডেনে ৷ যুক্তৰাষ্ট্ৰৰ প্ৰায় 3,85,000 জন লোকে প্ৰাণ হেৰুৱাইছিল ক'ভিড মহামাৰীত ৷ সেই লোক সকলৰ আত্মাৰ চিৰ শান্তি কামনা কৰি 19 জানুৱাৰীত সকলো ধৰ্মীয় অনুষ্ঠানতে প্ৰাৰ্থনা কৰাৰ বাবে অনুৰোধ জনাইছিল নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি গৰাকীয়ে ৷

বিগত বছৰৰ নৱেম্বৰ মাহতে ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল যদিও জ' বাইডেনে শপত গ্ৰহণ কৰিব পৰা নাছিল ৷ আমেৰিকাৰ ২০তম সংবিধান সংশোধনীৰ মতে,ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ কাৰ্যকাল নিৰ্বাচিত হোৱাৰ দুমাহ পাচতহে আৰম্ভ হয় ৷ সেয়েহে ডনাল্ড ট্ৰাম্প আৰু মাইক পেন্সৰ কাৰ্যকাল শেষ হোৱাৰ দিনাখনে জ' বাইডেন আৰু কমলা হেৰিছে শপত গ্ৰহণ কৰিব ৷

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেপিটেল বিল্ডিঙত যুক্তৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ জন জি ৰবাৰ্টৰ সন্মুখত শপত বাক্য পাঠ কৰিব ৰাষ্ট্ৰপতি গৰাকীয়ে ৷ উল্লেখ্য যে,উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা কমলা হেৰিছেও বুধবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ছোনিয়া চোটোমায়োৰ সন্মুখত শপত বাক্য পাঠ কৰি এক ইতিহাস সৃষ্টি কৰি দায়িত্বভাৰ গ্ৰহণ কৰিব ৷

ইফালে শপত গ্ৰহণ অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ সংবাদ কৰ্মীৰ লগতে বহু বিশিষ্ট ব্যক্তিক নিমন্ত্ৰণ জনাইছে শপত গ্ৰহণ অনুষ্ঠানলৈ ৷ ইয়াৰ সমান্তৰালভাৱে বিশ্বৰ আগশাৰীৰ বহুকেইজন তাৰকাকো নিমন্ত্ৰণ জনাইছে সাংস্কৃতিক অনুষ্ঠানৰ বাবে ৷

লগতে পঢ়ক: আমেৰিকাৰ ৪৬ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব জ' বাইডেনে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.