নিউজ ডেস্ক, 23 অক্টোবৰ : আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু জো বিডেনে বৃহস্পতিবাৰে নিৰ্বাচনকেন্দ্ৰিক বিতৰ্কত অংশগ্ৰহণ কৰিছে ৷ নিৰ্বাচনলৈ 12 দিন থকাৰ সময়ত বৃহস্পতিবাৰে অংশগ্ৰহণ কৰা বিতৰ্কত আমেৰিকাৰ বহুতো গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হৈছিল আৰু বিশ্বাস কৰিছিল যে,এই বিতৰ্কই আমেৰিকাৰ আৰ্থ-সামাজিক,ৰাজনৈতিক গতিপথ সলনি কৰিব দিব পাৰিব ৷
এই বিতৰ্কত বহুতো বিষয় সন্দৰ্ভত আলোচনা কৰা হৈছিল যদিও তাৰ ভিতৰত এটা অন্যতম হৈছে মহামাৰী ক'ভিড-19 ৷ বিতৰ্ক অনুসৰি,ৰাষ্ট্ৰখনত মহামাৰী ক'ভিড-19 ৰ বাবে 2,25,000 ৰো অধিক আমেৰিকান লোক নিহত হৈছে আৰু লাখ লাখ লোকে কৰ্ম-সংস্থাপন হেৰুওৱাবলৈ সক্ষম হৈছে ৷
উল্লেখ্য যে,ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ক্ৰমাৎ বৃদ্ধি পাইছে হোৱাইট হাউছ দখলৰ যুঁজ ৷ কিছু সংখ্যক আমেৰিকান নাগৰিকৰ মতে, হয়তো বৰ্তমানৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে হেৰুওৱাব পাৰে ক্ষমতা আৰু আন একাংশৰ মতে,হয়তো বাহাল থাকিব পাৰে ডোনাল্ড ট্ৰাম্পৰ ক্ষমতা ৷
লগতে পঢ়ক : লেবাননৰ প্ৰধানমন্ত্ৰী পদত চাড হেৰিৰি