হায়দৰাবাদ,18 নৱেম্বৰ: কৰ’ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে বিশ্বৰ প্ৰায় 5,59,43,622 গৰাকী লোক ৷ ইয়াৰ বিপৰীতে ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হৈ মৃত্যুক সাৱটিছে 13,43,388 গৰাকী লোকে ৷ আক্ৰান্ত ব্যক্তিসকলৰ ভিতৰত সুস্থ হৈছে 3,89,63,786 গৰাকী ৷ ভাইৰাছবিধে সৰ্বাধিক ক্ষতি কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰত ৷ বিশ্বৰ প্ৰভাৱশালী দেশখনত 1,16,95,711 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যুবৰণ কৰিছে 2,54,255 গৰাকীয়ে ৷
ইয়াৰ মাজতে pfizer আৰু moderna ত দুটাকৈ কোভিড 19 ৰ প্ৰতিষেধকৰ প্ৰাথমিক পৰীক্ষণ আৰম্ভ কৰা হৈছে ৷ কিন্তু এতিয়ালৈকে এইক্ষেত্ৰত সফলতা লাভ কৰা নাই বৈজ্ঞানিকসকলে ৷
লগতে চাওকঃ দুলীয়াজান অধিৱেশনে ৰাইজলৈ আশাৰ বতৰা কঢ়িয়াব: লুৰিণজ্যোতি গগৈ