ETV Bharat / international

COVID-19 : বিশ্বৰ শেহতীয়া তথ্য

author img

By

Published : May 14, 2020, 12:39 PM IST

কৰ'ণা ভাইৰাছ মহামাৰীয়ে বিশ্বজুৰি 2,98,000 জনৰো অধিক লোকৰ প্ৰাণ লৈছে ৷ য'ত আমেৰিকাৰ 85,000তকৈ অধিক আৰু ব্ৰিটেইনত 33,000তকৈ অধিক লোকৰ মৃত্যু হৈছে ৷ ইয়াৰ ফলত বিশ্বজুৰি বিভিন্ন ব্যৱসায়, কাৰখানা বন্ধ হৈ পৰিছে ৷ 10 মিলিয়নতকৈও অধিক লোকক কামৰ পৰা বৰ্খাস্ত কৰা হৈছে ৷ বিশ্বৰ অৰ্থব্যৱস্থাত ব্যাপক ক্ষতিসাধন হৈছে এই ত্ৰাস সৃষ্টিকাৰী মহামাৰীৰ বাবে ৷

Global COVID-19 tracker
COVID-19 : বিশ্বৰ শেহতীয়া তথ্য

নিউজ ডেস্ক,14 মে' : সম্প্ৰতি কৰ'ণা ভাইৰাছ মহামাৰী 44,29,235 গৰাকীতকৈও অধিক লোকৰ মাজত সংক্ৰমিত হৈছে ৷ ইতিমধ্যে এই মহামাৰীৰ ফলত বিশ্বজুৰি 2,98,165 গৰাকী লোকৰ মৃত্যু হৈছে ৷ অৱশ্যে 16,58,995 গৰাকী লোক আৰোগ্য হ'বলৈও সক্ষম হৈছে ৷

Global COVID-19 tracker
COVID-19 : বিশ্বৰ শেহতীয়া তথ্য

এই নতুন কৰ'ণা তভাইৰাছৰ ফলত বেছি সংখ্যক লোকৰ মাজতে পাতল তথা মধ্যমীয়া লক্ষণ দেখিবলৈ পোৱা গৈছে ৷ বিশেষ ৰূপত বয়স্ক আৰু স্বাস্থ্যজনিত সমস্যা থকা , গুৰুতৰভাৱে অসুস্থ লোকৰ মৃত্যু হৈছে এই ভাইৰাছৰ ফলত ৷

চীনৰ ব্যৱসায় আৰু বিদ্যালয় পুনৰ খোলাৰ পিছত বৃহস্পতিবাৰে পুনৰ তিনিটা নতুন সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে ৷

ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে জনোৱা মতে, COVID-19ত আক্ৰান্ত 101 গৰাকী বর্তমান চিকিৎসাধীন অৱস্থাত আছে ৷ 716 গৰাকীক আইচলেট কৰি ৰখা হৈছে আৰু সন্দেহজনক ঘটনা সন্দৰ্ভত নিৰীক্ষণ অব্যাহত ৰাখিছে ৷

চীনত এই ভাইৰাছৰ ফলত 82,929 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছিল 4,633 গৰাকী লোকৰ ৷

দক্ষিণ কোৰিয়াত বিগত 24 ঘন্টাত 29 টা কৰ'ণা সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে ৷ বৃহস্পতিবাৰে কোৰিয়া ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধৰ কেন্দ্ৰই জনোৱা তথ্য মতে, কোৰিয়াত 10,991 গৰাকী সংক্ৰমণ হোৱাৰ বিপৰীতে 260 গৰাকীৰ মৃত্যু হৈছে ৷ শেহতীয়াকৈ সংক্ৰমণ হোৱা 29 জনৰ ভিতৰত 26 জনৰ স্থানীয় ভাৱে এই ভাইৰাছ সংক্ৰমিত হৈছে আৰু বাকী 3 জনৰ বিদেশৰ পৰা অহা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃCOVID-19 : ভাৰতৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.