ETV Bharat / international

গ্ল'ৱেল COVID-19 ট্ৰেকাৰ

author img

By

Published : May 8, 2020, 10:57 AM IST

বিশ্বজুৰি কৰ'ণা ভাইৰাছ আক্ৰান্তৰ সংখ্য়া 39,17,532 জন ৷ মৃত্যু হোৱা লোকৰ সংখ্যা 2,70,720 জন ৷

কৰ'ণা ভাইৰাছ
গ্ল'ৱেল COVID-19 ট্ৰেকাৰ

ইন্টাৰনেশ্যনেল ডেস্ক, 8 মে' : বিশ্বজুৰি কৰ'ণা ভাইৰাছে 39,17,532 লোকক আক্ৰান্ত কৰাৰ লগতে প্ৰাণ কাঢ়ি নিছে 2,70,720 লোকৰ ৷ আনহাতে, প্ৰায় 13,44,120 লোক আৰোগ্য হৈ উঠিছে বুলি তথ্যত প্ৰকাশ ৷

কৰ'ণা ভাইৰাছ
গ্ল'ৱেল COVID-19 ট্ৰেকাৰ

শুকুৰবাৰে চীনত এজন নতুনকৈ আক্ৰান্ত হোৱাৰ উপৰি কোনো লক্ষণ প্ৰদৰ্শন নকৰা 16 টা অতিৰিক্ত পজিটিভ ঘটনা পোহৰলৈ আহিছে ৷ আনহাতে, কোনো নতুন লোকৰ মৃত্যু হোৱা নাই কৰ'ণা ভাইৰাছৰ উৎপত্তি হোৱা দেশখনত ৷ আক্ৰান্ত প্ৰায় 260 গৰাকী লোক বৰ্তমানেও চিকিৎসাধীন হৈ থকাৰ লগতে সন্দেহজনক অথবা লক্ষণ প্ৰদৰ্শন নকৰাকৈ আইছ'লেচনত 890 গৰাকী লোক আছে ৷ উল্লেখ্য যে, বৰ্তমানলৈকে চীনত 82,886 গৰাকী আক্ৰান্ত হোৱাৰ বিপৰীতে 4,633 গৰাকীৰ মৃত্যু হৈছে ৷

দক্ষিণ কোৰিয়াত কৰ'ণা ভাইৰাছত নতুনকৈ আক্ৰান্ত হৈছে 12 জন ৷ পাঁচদিনৰ অন্তত প্ৰথমবাৰৰ বাবে 10 তকৈ অধিক লোক পজিটিভ পোৱা গৈছে দেশখনত ৷ কোৰিয়া ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ বিভাগে শুকুৰবাৰে প্ৰদান কৰা তথ্য অনুসৰি, দেশখনত বৰ্তমানলৈকে 10,822 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 256 গৰাকীৰ ৷

আনহাতে, আমেৰিকাত আক্ৰান্তৰ সংখ্যা 12,92,623 গৰাকী আৰু মৃত্যু হোৱা লোকৰ সংখ্য়া 76,928 গৰাকী ৷ স্পেইনত আক্ৰান্ত 2,56,855 গৰাকী আৰু মৃত্যু 26,070 গৰাকী, ইটালীত আক্ৰান্ত 2,15,858 গৰাকী আৰু মৃত্যু 29,958 গৰাকীৰ, ব্ৰিটেইনত আক্ৰান্ত 2,06,715 গৰাকী আৰু মৃত্যু 30,615 গৰাকীৰ, ৰাছিয়াত আক্ৰান্ত হৈছে 1,77,160 গৰাকী আৰু মৃত্যুৰ সংখ্যা 1,625 গৰাকী ৷

ভাৰতবৰ্ষত শুকুৰবাৰৰ পুৱা পৰ্যন্ত আক্ৰান্তৰ সংখ্যা 56,342 গৰাকী হোৱাৰ বিপৰীতে মৃতকৰ সংখ্যা 1,886 গৰাকী ৷ আনহাতে, আৰোগ্য হৈ উঠিছে 16,540 গৰাকী লোক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.