ETV Bharat / international

সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিয়ে ধ্বংস কৰিব পাৰে কৰ'ণা ভাইৰাছ - Far-UVC light extremely efficient in killing coronaviruses

UVC-lampৰ সন্মুখেৰে এয়াৰচ'লটোৰে বতাহ পাৰ হৈ যোৱাৰ পাছতে বতাহত অহা 99.9 শতাংশ ভাইৰাছ UVC-lamp সংস্পৰ্শলৈ আহি মৰি যায় ৷ কলম্বিয়া বিশ্ববিদ্যালয়ৰ ইৰবিং মেডিকেল চেন্টাৰত কৰা সমীক্ষাৰ পাছত গৱেষকসকলে অনুমান কৰে যে,বাৰে বাৰে UVC-lamp সংস্পৰ্শলৈ অহাৰ ফলত 8 মিনিটৰ ভিতৰতে মৃত্যু হয় 90 শতাংশ ভাইৰাছৰ ৷

Far-UVC light extremely efficient in killing coronavirusesFar-UVC light extremely efficient in killing coronaviruses
সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ দ্বাৰা ধ্বংস হ'ব কৰ'ণা ভাইৰাছ
author img

By

Published : Jun 27, 2020, 1:49 PM IST

Updated : Jun 27, 2020, 3:05 PM IST

নিউজে ডেস্ক, 27 জুনঃ কৰ'ণা ভাইৰাছ সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ সৈতে নিৰ্দিষ্ট দৈৰ্ঘত সংস্পৰ্শলৈ আহিলে 99.9 শতাংশ ভাইৰাছ নিজেই ধ্বংস হৈ যায় ৷ এই সমীক্ষা কলম্বিয়া বিশ্ববিদ্যালয়ৰ এটা গৱেষকৰ দলৰ ৷ সাধাৰণ কৰ'ণা ভাইৰাছক এয়াৰ'চল কৰাৰ উদ্দেশ্যে এটা মিষ্টিং ডিভাইচ ব্যৱহাৰ কৰে গৱেষকৰ দলটোৱে ৷ UVC-lamp ৰ সন্মুখেৰে এয়াৰচ'লটোৰে বতাহ পাৰ হৈ যোৱাৰ পাছতে বতাহত অহা 99.9 শতাংশ ভাইৰাছ UVC-lamp সংস্পৰ্শলৈ আহি মৰি যায় ৷ কলম্বিয়া বিশ্ববিদ্যালয়ৰ ইৰবিং মেডিকেল চেন্টাৰত কৰা সমীক্ষাৰ পাছত গৱেষকসকলে অনুমান কৰে যে,বাৰে বাৰে UVC-lamp সংস্পৰ্শলৈ অহাৰ ফলত 8 মিনিটৰ ভিতৰতে মৃত্যু হয় 90 শতাংশ ভাইৰাছৰ ৷

লগতে পঢ়কঃ কোভিড-১৯ৰ ভেকচিন অনুমোদনক লৈ প্ৰশ্ন উত্থাপন নেতা-কৰ্মীৰ

তথ্য অনুসৰি,ভাইৰাছবিধক মাৰিবলৈ 95 শতাংশৰ বাবে 11 মিনিট, 99 শতাংশৰ বাবে 16 মিনিট আৰু 99.9 শতাংশৰ বাবে 25 মিনিট সময়ৰ দৰকাৰ ৷ ভিতৰৰ সাৰ্বজনিক স্থানসমূহত UVC lamps ব্যৱহাৰ কৰি এই ধাৰণাটো প্ৰয়োগ কৰিব পাৰি বুলি গৱেষকসকলে মত প্ৰদান কৰিছে ৷ ইয়াৰ ফলত এই ভাইৰাছবিধৰ গণ সংক্ৰমণ কম হোৱাৰ লগতে অন্য চৰ্দি,জ্বৰৰ দৰে ৰোগসমূহৰ সংক্ৰমণো কমি যাব ৷

লগতে পঢ়কঃ বেংকিং নিয়ন্ত্ৰণ (সংশোধনী)অধ্যাদেশ, ২০২০ জাৰি ৰাষ্ট্ৰপতি কোৱিন্দৰ

যিহেতু UVC-lamp মানুহৰ বাবে ক্ষতিকাৰক নহয় গতিকে ইয়াক হাস্পতাল,বিদ্যালয়,বাছ,বিমান,হোটেল,অফিচ,জিম ,চিনেমা হলৰ লগতে বন্ধ হৈ থকা সাৰ্বজনিক স্থানসমূহত ব্যৱহাৰ কৰিব পাৰি বুলিও জনাইছে গৱেষকৰ দলটোৱে ৷ ইয়াৰোপৰি ভাইৰাছৰ সংক্ৰমণ কম কৰাৰ ক্ষেত্ৰত ফেচ মাস্ক অতি প্ৰয়োজনীয় বুলি জনাই গৱেষকসকলে ৷

Last Updated : Jun 27, 2020, 3:05 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.