নিউজ ডেস্ক, 14 এপ্ৰিলঃ COVID 19 বিৰুদ্ধে চলি থকা যুঁজত ক্ৰমাৎ হাৰ মানিছে ইকোৱাডৰে ৷ দেশখনত কৰ'ণা লক্ষণে দেখা দিয়া পাছতে সুৰক্ষাৰ বাবে সামাজিক দূৰত্ব নমনাৰ ফলত আজি দেশখনৰ স্বাস্থ্য বিভাগ সাংঘাটিত সমস্যাৰ সন্মুখীন হৈছে ৷ সামাজিক আৰু অৰ্থনৈতিক বৈষম্যতাই দেশখনক জুৰুলা কৰি তুলিছে ৷ দেশখনৰ পৰিস্থিতি ইমানেই ভয়াৱহ হৈ পৰিছে যে মৃতদেহসমূহ কবৰ দিয়াৰ বাবে কফিনৰ পৰিমাণ কমি আহিছে ৷ মৃতদেহৰ বাবে খোজ দিবলৈও ঠাই নাইকিয়া হৈছে পদপথসমূহত ৷ দেশখনৰ প্ৰতিটো ভয়াৱহ পৰিস্থিতিৰ সাক্ষী কৰ'ণা ভাইৰাছৰ অভিকেন্দ্ৰ স্বৰূপ ইকোৱাড'ৰ সবাটোতকৈ ডাঙৰ চহৰ Guayaquil ৷ স্পেইনৰ স'তে ইকোৱাডৰ সম্বন্ধ অতি ঘনিষ্ঠ, প্ৰকৃততে ইকোৱাডৰ চৰকাৰী ভাষা স্পেনিছ ৷
ইকোৱাডৰৰ নাগৰিকে সাধাৰণতে ইটালী আৰু স্পেইনত বসবাস কৰে , এই দুয়োখন দেশ কৰ'ণা ভাইৰাছৰ অভিকেন্দ্ৰ স্বৰূপ ৷ 29 ফেব্ৰুৱাৰীত স্পেইনৰ পৰা Guayaquil লৈ আহিছিল এগৰাকী 70 বছৰীয়া বৃদ্ধা ৷ মহিলাগৰাকীৰ শৰীৰত কৰ'ণা ভাইৰাছৰ লক্ষণ পোৱাৰ পাছতে তেওঁক কোৱাৰেন্টাইনৰ বাবে Guayaquil লৈ পঠিয়াই দিছিল ৷ মহিলাগৰাকীৰ স'তে সংস্পৰ্শত অহা অন্য 80 জন লোককো চিনাক্ত কৰি কোৱাৰেন্টাইন কৰা হৈছিল ৷ কিন্তু হঠাতে স্পেইনত কৰ'ণাই ভয়াৱহ ৰূপ লোৱা পাছতে দেশখনত পঢ়ি থকা কলেজীয়া ছাত্ৰ-ছাত্ৰীসকলো ইকোৱাডৰলৈ উভতি আহে ৷
নিজ দেশলৈ উভতি অহা শিক্ষাৰ্থীসকলৰ ভিতৰত বহু সংখ্যকে Guayaquil ত অনুষ্ঠিত বিয়া-সবাহৰ লগতে বহু অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷ ফলস্বৰূপে কম সময়ৰ ভিতৰতে দেশখনৰ প্ৰতিটো অঞ্চলতে ভাইৰাছবিধৰ সংক্ৰমণ হয় ৷ সংক্ৰমণৰ পৰা দেশবাসীক ৰক্ষা কৰিবলৈ প্ৰশাসনে সকলোকে ঘৰত থকাৰ নিৰ্দেশ দিয়ে ৷ চৰকাৰে প্ৰতিটো পৰিয়ালক মাহটোৰ বাবে 60 মাৰ্কিন ডলাৰ প্ৰদান কৰাৰ কথা ঘোষণা কৰে ৷ চৰকাৰী ঘোষণাৰ পাছত ধনী মানুহখিনি ঘৰত থাকে যদিও দুখীয়াখিনিৰ বাবে সমস্যা সৃষ্টি হয় ৷ আনহাতে চৰকাৰৰ পৰা প্ৰদান কৰা অনুদানসমূহ ল'বলৈ বেংকৰ কাষত বহু সংখ্যক লোকে ভিৰ কৰা দেখা যায় ৷ ফলত দেশখনত কম সময়তে ভাইৰাছ কেবাজনলৈ সংক্ৰমিত হয় ৷
দেশখনৰ covid 19 ত আক্ৰান্ত 70 শতাংশ লোক Guayas ৰাজ্যখনৰ অন্তৰ্গত ৷ ৰাজ্যখনৰ সমূহ হাস্পতালত ৰোগীৰ ভিৰ ৷ অসংখ্য মৃতদেহৰ ফলত পৰিয়ালৰ লোকলৈ বহু দেৰিকৈ মৃতদেহ পঠিয়াইছে চিকিৎসালয় কতৃপক্ষই ৷ জনসাধাৰণৰ সহায়ৰ বাবে Guayaquil য়ে এটা হেল্প লাইন নম্বৰ মুকলি কৰে যদিও প্ৰতিটো সময়তে নম্বৰটো ব্যস্ত ৷ আনুষ্ঠানিকভাৱে প্ৰকাশ পোৱা মৃতকৰ সংখ্যাতকৈ প্ৰকৃততে মৃত্যুমুখত পৰা লোকৰ সংখ্যা অসংখ্য বুলি চিন্তিত হৈ পৰিছে দেশখনৰ স্বাস্থ্য বিভাগ ৷ দেশখনৰ ৰাষ্ট্ৰপতি লেনিন ম'ৰেনোই এই কথা স্বীকাৰ কৰে ৷ স্বাস্থ্য বিভাগে মৃতদেহসমূহ স্থানান্তৰ কৰিবলৈ কফিনৰ অভাৱত ডাঠ কাগজৰ বাকচৰ ব্যৱহাৰ কৰিবলগীয়া হৈছে ৷ কবৰস্থানসমূহটো মৃতদেহ ৰাখিবলৈ ঠাইৰ অভাৱ ৷ আনুষ্ঠানিক তথ্য অনুসৰি, Guayaquil ৰ পৰা মাৰ্চ মাহত 1,350 টা মৃতদেহ উলিয়াই অনা হৈছে ৷ মৃতদেহসমূহ পলিথিনেৰে মেৰিয়াই পদপথত পেলাই থোৱা পৰিলক্ষিত হৈছে ৷