ETV Bharat / international

কৰ‘ণা ভাইৰাছঃ জিলিড বিজ্ঞানৰ প্ৰতিষেধক ঔষধ "ৰেমডিজাইভি"য়ে আনিছে আশাৰ বতৰা

author img

By

Published : Apr 17, 2020, 7:50 PM IST

প্ৰতিষেধক বিধ সুৰক্ষিত আৰু কাৰ্যক্ষম হ‘লে কৰ‘ণাত আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কপা হ‘ব ৷ উল্লেখযোগ্য যে,"ৰেমডিজাইভি" কৰ‘ণা ভাইৰাছৰ সমূহ লক্ষণযুক্ত ৰোগ নিৰাময়ৰ ক্ষেত্ৰত সফল হোৱা প্ৰথমটো ঔষধ ৷

"ৰেমডিজাইভি"য়ে আনিছে আশাৰ বতৰা
"ৰেমডিজাইভি"য়ে আনিছে আশাৰ বতৰা

ইন্টাৰনেশ্যনেল ডেস্ক, 17 এপ্ৰিল : চীনৰ য়ুহান চহৰৰ পৰা সম্প্ৰসাৰিত হৈ সমগ্ৰ বিশ্বতে পোখা মেলা মাৰাত্মক কৰ‘ণা ভাইৰাছৰ প্ৰতিষেধক প্ৰস্তুতৰ বাবে বিশ্বৰ বিজ্ঞানী সকলে আপ্ৰাণ চেষ্টা কৰিও বাৰে বাৰে বিফল হ‘বলগীয়া হৈছে ৷ এফালে বিশ্বৰ বিজ্ঞানী মহলে অব্যাহত ৰাখিছে প্ৰতিষেধক প্ৰস্তুতৰ চেষ্টা ৷ অন্যহাতে ক্ৰমাৎ ইখনৰ পৰা সিখন দেশত এই ভাইৰাছে প্ৰৱেশ কৰি কাঢ়ি লৈছে হাজাৰ হাজাৰ লোকৰ প্ৰাণ ৷ দ্ৰুত গতিত সংক্ৰমিত হৈছে লাখ লাখ লোকৰ শৰীৰলৈ ৷ এই ভাইৰাছৰ ভয়াৱহতাৰ ফলত বিধ্বস্ত হৈছে বিশ্বৰ অৰ্থনীতি ৷

কিন্তু তাৰ মাজতেই আহিছে এটা ভাল খবৰ ৷

জিলিড বিজ্ঞানৰ প্ৰতিষেধক ঔষধ "ৰেমডিজাইভি" ক চিকাগো হাস্পতালত জ্বৰ আৰু শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত বহু লোকৰ শৰীৰত প্ৰয়োগ কৰাত মাত্ৰ এটা সপ্তাহৰ ভিতৰত আটাইকেইজন ৰোগী সুস্থ হয় ৷ যাৰ পাছতেই এই প্ৰতিষেধক ঔষধ বিধক কৰ‘ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত প্ৰয়োগ কৰাৰ যোগ্যতা নিৰ্ণয়ৰ বাবে জিলিডৰ পৰীক্ষাগাৰৰ পৰীক্ষণৰ অপেক্ষা কৰি থকা হৈছে ৷ পৰীক্ষণৰ যোগাত্মক ফলাফল আহিলে কৰ‘ণাত আক্ৰান্ত ৰোগীৰ শৰীৰত দেখা দিয়া লক্ষণ সমূহক ৰোধৰ বাবে ইয়াক প্ৰয়োগ কৰিবলৈ খাদ্য আৰু ঔষধ বিশেষজ্ঞ সকলৰ অনুমোদনৰ প্ৰয়োজন হ‘ব ৷ এই ক্ষেত্ৰত এই প্ৰতিষেধক বিধ সুৰক্ষিত আৰু কাৰ্যক্ষম হ‘লে কৰ‘ণাত আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰা হ‘ব ৷ উল্লেখযোগ্য যে, "ৰেমডিজাইভি" কৰ‘ণা ভাইৰাছৰ সমূহ লক্ষণযুক্ত ৰোগ নিৰাময়ৰ ক্ষেত্ৰত সফল হোৱা প্ৰথমটো ঔষধ ৷

লগতে পঢ়ক : বিশ্বত COVID-19ৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.