ETV Bharat / international

বাইডেনৰ জয়লাভক প্ৰত্যাহ্বান জনোৱাৰ পৰিকল্পনা 11 ৰিপাব্লিকানৰ

সংযুক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ফলাফলক প্ৰত্যাহ্বান জনোৱাৰ পৰিকল্পনা 11 ৰিপাব্লিকানৰ ৷ 6 জানুৱাৰীত বিশেষ কেইখনমান ৰাজ্যৰ ভোটদাতাৰ ভোট প্ৰত্যাখান কৰাৰ বাবে ভোটদান কৰিব এই 11 ৰিপাব্লিকানে ৷ ডনাল্ড ট্ৰাম্পে এতিয়াও পৰাজয় স্বীকাৰ নকৰাৰ মাজতে প্ৰায় দুভাগত বিভক্ত হৈছে ৰিপাব্লিকান ৷

বাইডেনৰ জয়লাভক প্ৰত্যাহ্বান জনোৱাৰ পৰিকল্পনা 11 ৰিপাব্লিকানৰ
বাইডেনৰ জয়লাভক প্ৰত্যাহ্বান জনোৱাৰ পৰিকল্পনা 11 ৰিপাব্লিকানৰ
author img

By

Published : Jan 3, 2021, 1:24 PM IST

নেচনেল ডেস্ক, 3 জানুৱাৰী : ৰিপাব্লিকান চিনেটৰৰ 11 জনীয়া এক জোঁটবন্ধনে সংযুক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফলক প্ৰত্যাহ্বান জনোৱাৰ কথা ঘোষণা কৰে ৷ শনিবাৰে এই কথা ঘোষণা কৰি ৰিপাব্লিকান চিনেটৰৰ দলটোৱে কয় যে আগন্তুক সপ্তাহটোত আনুষ্ঠানিকভাৱে সদ্য নিৰ্বাচিত ৰাষ্ট্ৰপতি জ' বাইডেনৰ বিজয়ক স্বীকৃতি প্ৰদান কৰাৰ দিনটোত কেইখনমান ৰাজ্যৰ পৰা ভোটদাতাৰ ভোট প্ৰত্যাখান কৰাৰ উদ্দেশ্যে ভোট দি তেওঁলোকে নিৰ্বাচনী ফলাফলক প্ৰত্যাহ্বান জনাব ৷

ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এতিয়াও নিৰ্বাচনত নিজৰ পৰাজয় স্বীকাৰ কৰিবলৈ অমান্তি হোৱাৰ লগতে ভোটাৰৰ মতদান সলনি কৰিবলৈ চলোৱা প্ৰচেষ্টাৰ ফলত ৰিপাব্লিকান সকলৰ দলটোক ইতিমধ্যে দুই ভাগত বিভক্ত কৰিছে বুলি জানিব পৰা গৈছে ৷ মন কৰিব লগীয়া কথাটো এইয়ে যে চিনেটৰ নেতা মিট্চ মিকানলেও ৰিপাব্লিকান সকলক নিৰ্বাচনক ওলোটা কৰিবলৈ প্ৰয়াস নকৰিবৰ বাবে আহ্বান জনাইছে ৷

নিৰ্বাচনী ফলাফলক প্ৰত্যাহ্বান জনাব বিচৰা চিনেটৰ কেইগৰাকীয়ে কয় যে কংগ্ৰেছে নিৰ্বাচনী ফলাফল পৰীক্ষা কৰাৰ বাবে অতি শীঘ্ৰে এক নিৰ্বাচনী আয়োগ নিযুক্ত নকৰা পৰ্যন্ত তেওঁলোকে কেইখনমান বিশেষ ৰাজ্যৰ ভোটদাতাৰ বিপক্ষে ভোট কৰিব ৷

এক বিবৃতিযোগে তেওঁলোকে জানিবলৈ দিয়ে যে 6 জানুৱাৰী তাৰিখে তেওঁলোকে বিশেষ ৰাজ্যকেইখনৰ ভোটদাতা সকলৰ ভোট প্ৰত্যাখান কৰাৰ সিদ্ধান্ত লৈছে ৷

ভোট কাৰচাজিৰ লগতে দ্বিপাক্ষিক নিৰ্বাচনী বিষয়াক লৈ ট্ৰাম্পে কৰা ভিত্তিহীন অভিযোগ সন্দৰ্ভত ট্ৰাম্পৰ এটৰ্নী জেনেৰেল গৰাকীয়ে মন্তব্য কৰে যে নিৰ্বাচন সম্পূৰ্ণ মসৃণভাৱে অনুষ্ঠিত হৈছে আৰু নিৰ্বাচনত কাৰচাজি হোৱাৰ কোনো তথ্য প্ৰমাণ নাই ৷

লগতে পঢ়ক:আমেৰিকাৰ যুক্তৰাষ্ট্ৰীয় ভৱন ক্ষতিগ্ৰস্ত কৰাৰ অভিযোগঃ ৭ জনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.