ETV Bharat / international

জলবায়ু পৰিৱৰ্তন ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু বৈদেশিক নীতিৰ কেন্দ্ৰ হ'ব : বাইডেন

author img

By

Published : Jan 28, 2021, 3:19 PM IST

আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনে প্ৰাক্তন ৰাষ্ট্ৰসচিব জন কেৰীক জলবায়ুৰ বাবে বিশেষ ৰাষ্ট্ৰপতি দূত হিচাপে মনোনীত কৰে । বাইডেনে কয় যে জলবায়ু পৰিৱৰ্তনৰ ভাবুকি তেওঁৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু বৈদেশিক নীতিৰ কেন্দ্ৰ হ'ব ।

জলবায়ু পৰিৱৰ্তন ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু বৈদেশিক নীতিৰ কেন্দ্ৰ হ'ব : বাইডেন
জলবায়ু পৰিৱৰ্তন ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু বৈদেশিক নীতিৰ কেন্দ্ৰ হ'ব : বাইডেন

নিউজ ডেস্ক , ২৮ জানুৱাৰী : জলবায়ু পৰিৱৰ্তন লগতে জলবায়ুৰ প্ৰতি অহা ভাবুকি এতিয়া বিশ্ববাসীৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে । এই গুৰুত্বপূৰ্ণ বিষয়ত ব্য়ৱস্থা গ্ৰহণ কৰিব আমেৰিকাই । জ' বাইডেনে বুধবাৰে কাৰ্যবাহী আদেশৰ এটা শৃংখলা স্বাক্ষৰ কৰি সাংবাদিকৰ আগত কয় যে জলবায়ু পৰিৱৰ্তনৰ ভাবুকি তেওঁৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু বৈদেশিক নীতিৰ কেন্দ্ৰ হব । লগতে তেওঁ জলবায়ু পৰিবৰ্তনক তেওঁ যুগৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভাবুকি হিচাপে চিনাক্ত কৰে । বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰি বাইডেনে প্ৰাক্তন ৰাষ্ট্ৰসচিব জন কেৰীক জলবায়ুৰ বাবে বিশেষ ৰাষ্ট্ৰপতি দূত হিচাপে মনোনীত কৰে ।

উল্লেখ যে কেৰীয়ে পেৰিছ জলবায়ু চুক্তিৰ আলোচনাত গুৰুত্ব প্ৰদান কৰিছিল । জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ প্ৰতি লক্ষ্য়ৰাখি দুৰ্বলসকলক সমৰ্থন কৰিবলৈ আৰু দেশখনৰ সামূহিক স্থিতিস্থাপকতা বৃদ্ধি কৰাৰ বাবে আন ৰাষ্ট্ৰৰ সৈতে কাম কৰি প্ৰতিশ্ৰুতি শক্তিশালী কৰাত সহায় কৰিব বুলি বাইডেনে উল্লেখ কৰে । বাইডেনৰ দ্বাৰা স্বাক্ষৰিত কাৰ্যবাহীয়ে দেশখনক ২০৫০ চনৰ ভিতৰত এক নেট শূন্য অৰ্থনীতিলৈ পৰিৱৰ্তন কৰিব বুলিও আশাবাদী ৰাষ্ট্ৰপতি গৰাকীৰ । ৰাষ্ট্ৰপতি গৰাকীয়ে কয় যে তেওঁলোকৰ পৰিকল্পনা উচ্চাভিলাষী কিন্তু তথাপিও আমেৰিকান হিচাপে তেওঁলোক সাহসী । ৰাষ্ট্ৰপতি গৰাকীয়ে কয় যে দেশখন চাকৰি, উদ্ভাৱন, বিজ্ঞান আৰু আৱিষ্কাৰৰ অনুসৰণত অটল । বাইডেনে লগতে কয় যে জলবায়ু সংকটৰ মোকাবিলা কৰিবলৈ আমেৰিকাই ইতিমধ্যে বহু তৎপৰ হৈছে।

বাইডেনে জনোৱা মতে তেওঁ ২৬ সংখ্য়ক ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সন্মিলনত ইতিবাচক অৱদান আগবঢ়োৱাৰ বাবে সন্মিলনৰ আয়োজন কৰিব । সমান্তৰালকৈ জলবায়ু পৰিৱৰ্তনে বিভিন্ন বিষয় প্ৰভাৱিত কৰে বুলি স্বীকাৰ কৰি বাইডেনে কয় যে জি-৭ আৰু জি-২০ৰ দৰে গোটকে ধৰি এক বিস্তৃত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জলবায়ু পৰিৱৰ্তনৰ বিষয়টোত চাপ দিয়াটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাথমিকতা হ'ব ।

লগতে পঢ়ক :ইজৰাইল সেনাৰ হাতত নিহত পেলিস্তিয়ান আক্ৰমণকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.