ETV Bharat / international

আধাৰৰ উদ্ধৃতিৰে আমেৰিকাক ডিজিটেল চিনাক্তকৰণ প্ৰণালী প্ৰস্তুতৰ পৰামৰ্শ বিশেষজ্ঞৰ - এলিজাবেথ ৰেনিয়েৰিছ

ভাৰতৰ আধাৰ ব্যৱস্থাৰ উদ্ধৃতি দি আমেৰিকা যুক্তৰাষ্ট্ৰৰ আইন প্ৰণেতাসকলকো ডিজিটেল চিনাক্তকৰণ প্ৰণালী প্ৰস্তুতৰ বাবে পৰামৰ্শ দিলে মাৰ্কিন বিশেষজ্ঞ এলিজাবেথ ৰেনিয়েৰিছে । তেওঁ কয় যে, আমেৰিকাতো অধিক লোকৰ বাবে কাম কৰিব পৰা এক ডিজিটেল প্ৰণালী প্ৰস্তুত কৰাৰ প্ৰয়োজন আছে ।

Citing Aadhaar, an American expert has recommended lawmakers that the US design a digital identification system
ভাৰতৰ আধাৰৰ উদাহৰণ দি ডিজিটেল চিনাক্তকৰণ প্ৰণালী প্ৰস্তুতৰ বাবে আমেৰিকাক পৰামৰ্শ দিলে বিশেষজ্ঞই
author img

By

Published : Jul 22, 2021, 6:51 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ২১ জুলাই : আমেৰিকা যুক্তৰাষ্ট্ৰতো ভাৰতৰ দৰে আধাৰ ব্যৱস্থা থকাতো বিচাৰে দেশখনৰ বিশেষজ্ঞসকলে । ভাৰতৰ আধাৰৰ প্ৰসংগ উত্থাপন কৰি নটৰ ডেম বিশ্ববিদ্যালয়ৰ নটৰ ডেম-আইবিএম প্ৰযুক্তি নৈতিকতা পৰীক্ষাগাৰৰ প্ৰতিষ্ঠাপক সঞ্চালক অধ্যাপক এলিজাবেথ ৰেনিয়েৰিছে কয় যে, আমেৰিকাতো অধিক লোকৰ বাবে কাম কৰিব পৰা এক ডিজিটেল প্ৰণালী প্ৰস্তুত কৰাৰ প্ৰয়োজন আছে । আৰ্টিফিচিয়েল ইণ্টেলিজেল্স উপ-সমিতি সন্দৰ্ভত টাস্ক ফ'ৰ্চৰ এক শুনানিৰ সময়ত তেওঁ প্ৰসংগ উত্থাপন কৰে । আইন প্ৰণেতাসকলৰ প্ৰশ্নৰ উত্তৰত ৰেনিয়েৰিছে ভাৰতত আধাৰ প্ৰণালী ৰূপায়ণৰ অভিজ্ঞতাৰ বিষয়ে বৰ্ণনা কৰে ।

তেওঁ কয় যে, আমেৰিকাই ডিজিটেল পৰিচয় প্ৰণালী আৰু আন্তঃগাঁথনি এনেদৰে নিৰ্মাণ কৰাতো বাদ দিব লাগিব, যিয়ে ৰাষ্ট্ৰৰ সুৰক্ষাৰ ক্ষেত্ৰত আশংকা বৃদ্ধি কৰে আৰু নাগৰিক পৰিচয় উদ্ধাৰৰ ক্ষেত্ৰত জটিলতা আনে । তেওঁ এই ক্ষেত্ৰত ভাৰতৰ আৰু চীনৰ উদাহৰণ দাঙি ধৰে । তেওঁ কয় যে, 'আমি আজি যেতিয়া ভৌতিক পৃথিৱীৰ মাজেৰে আগবাঢ়ো, আমাক নিজকে চিনাক্ত কৰিবলৈ খুব কমহে কোৱা হয় । কিন্তু যেতিয়া সকলোবোৰ কাম ডিজিটেল পদ্ধতিৰে হয়, ডিজিটেল পৰিচয় পত্ৰৰো প্ৰয়োজন আহি পৰে ।

নিৰন্তৰভাৱে আৰু সৰ্বব্যাপী হোৱা চিনাক্তকৰণৰ বাবে গোপনীয়তা ভংগ হোৱাৰ পৰা ৰক্ষা পৰিবলৈ এই প্ৰণালীবোৰৰ ব্যৱহাৰৰ লগতে গাৰ্ডৰেইলৰ প্ৰয়োজন হ'ব । লগতে কেতিয়া আৰু কিয় পৰিচয়ৰ প্ৰয়োজন হ'ব পাৰে সেয়াও তেওঁ উল্লেখ কৰে । তেওঁ কয় যে, "যদি আমি সাৱধান নহওঁ তেন্তে পৰিচয় এক ব্যতিক্ৰমী নিয়মলৈ পৰিণত হ'ব" ।

কংগ্ৰেছৰ বাবে পৰামৰ্শবোৰ সংক্ষিপ্ত কৰি তেওঁ কয় যে, ডিজিটেল পৰিচয় গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি বুলি সকলোৱে স্বীকাৰ কৰিব লাগিব । এলিজাবেথ ৰেনিয়েৰিছে লগতে কয় যে, সুৰক্ষিত আৰু বিশ্বাসযোগ্য পৰিচয়ৰ বাবে উৎকৃষ্ট মান নিৰ্ধাৰণ কৰিব লাগিব । এই মানে নতুন প্ৰযুক্তিৰ সৈতে সম্পৰ্কিত নিৰ্দিষ্ট প্ৰত্যাহ্বানসমূহৰে মোকাবিলা কৰিব লাগিব আৰু এক ৰাজহুৱা বিকল্প নিশ্চিত কৰিব লাগিব । অধ্যাপকগৰাকীয়ে কয় যে, দৰাচলতে পৰিচয় অবিহনে কোনেও একো কৰিব নোৱাৰে আৰু অস্তিত্বও নাথাকে ।

সেয়েহে তেওঁ ইয়াক বিপদাশংকাৰ বহল স্তৰ বুলি অভিহিত কৰে । ইয়াৰ দ্বিতীয় স্তৰটো হ'ল যে, বহুতো দেশত ডিজিটেল পৰিচয় আঁচনি ভুল হোৱা পৰিলক্ষিত হৈছে আৰু তেওঁলোকে এই সকলোবোৰ একত্ৰিত কৰিবলৈ চেষ্টা কৰি আছে । এই দেশবোৰে তেওঁলোকে মূলতঃ চিনাক্তকৰ্তা ব্যৱহাৰ কৰিছে বুলি অধ্যাপকগৰাকীয়ে মন্তব্য কৰে । উদাহৰণস্বৰূপে ভাৰতত হটলাইন নম্বৰ আৰু একক চিনাক্তকৰ্তাই যিকোনো লোকৰে জীৱন আৰু নিযুক্তি, স্বাস্থ্য সেৱা, বিদ্যালয় আদি সকলো দিশৰ ওপৰত দৃষ্টি ৰাখিব পাৰে ।

এয়া আন এক ক্ষেত্ৰ য'ত মানুহে তেওঁলোকৰ জীৱনৰ নিৰ্দিষ্ট ক্ষেত্ৰত এক প্ৰকাৰৰ স্বায়ত্ব শাসন বজাই ৰাখিব নোৱাৰে । উদাহৰণ স্বৰূপে, কোনো লোকে নিজৰ ব্যক্তিগত পেছাদাৰী খ্যাতি পৃথক কৰিব নোৱাৰে আৰু এনে ধৰণৰ প্ৰাসংগিক ব্যক্তিগত পৰিচয় থাকিব নোৱাৰে । সেয়াও সঁচাকৈয়ে সমস্যাজনক বুলি অধ্যাপক এলিজাবেথ ৰেনিয়েৰিছে মন্তব্য কৰে । এয়া ডাটা সুৰক্ষাৰ দৃষ্টিকোণৰ পৰাও সমস্যাজনক বুলি তেওঁ মন্তব্য কৰে । তেওঁ কয় যে, যদি কোনো লোকে নিজৰ নম্বৰৰ সৈতে আপোচ কৰে, তেন্তে বহু চিন্তাৰ অৱকাশ আছে ।

কংগ্ৰেছ ভান টাইলৰে ভাৰতে আধাৰ প্ৰস্তুত কৰোঁতে কি ভুল কৰিছে বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, আধাৰ প্ৰস্তুত কৰোঁতে কিছু ক্ষেত্ৰত ভাৰতে ভুল কৰিছে । তেওঁ কয় যে, প্ৰথম ভুলটো হৈছে ভাৰতে একক চিনাক্তকৰ্তা আৰু সমগ্ৰ প্ৰণালীটো নাগৰিকৰ জীৱনৰ প্ৰতিটো দিশতে প্ৰয়োগ কৰিব বিচাৰিছে । গতিকে এই পৰিচয় পত্ৰ ব্যৱহাৰ নকৰাকৈ আপুনি আক্ষৰিকভাৱে কোনো ক্ষেত্ৰতে প্ৰৱেশ কৰিব নোৱাৰে ।

সাংবিধানিক আদালতে পৰৱৰ্তী সময়ত এই বিষয়টো চোৱা-চিতা কৰিছে বুলিও তেওঁ উল্লেখ কৰে । কিন্তু আধাৰ পৰিচয় পত্ৰ প্ৰদানৰ সময়ত নাম অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত সমস্যাৰ উদ্ভৱ হৈছে বুলি তেওঁ মন্তব্য কৰে । ভাৰতৰ জটিলতাৰ বাবে, জনসংখ্যাৰ জটিলতাৰ বাবে, ভাষা-সংস্কৃতিৰ পৰা দেশৰ বিভিন্ন অঞ্চলৰ বেলেগ বেলেগ আন্তঃগাঁথনিলৈকে সকলো ক্ষেত্ৰত চৰকাৰৰ এই প্ৰণালীয়ে সমস্যাৰ সৃষ্টি কৰিব । সমগ্ৰ প্ৰণালীটো কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত একাংশ লোকৰ বিষয়ে পৰ্যাপ্ত বিবেচনা কৰা হোৱা নাছিল বুলি তেওঁ অভিযোগ তোলে ।

লগতে পঢ়ক : মধ্য চীনত কৃত্ৰিম বানত মৃত্যু 12 জনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.