ETV Bharat / international

জ' বাইডেনৰ দলক ট্ৰাম্প নেতৃত্বৰ বাধা !

আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগ, বাজেট আৰু প্ৰবন্ধকৰ কাৰ্যালয়ত জ' বাইডেনৰ দলক ৰাজনৈতিক নেতৃত্বৰ বাধা । ৰাষ্ট্ৰীয় সুৰক্ষা আৰু প্ৰতিৰক্ষা দলৰ উপদেষ্টাৰ লগত আলোচনাৰ পিছতে বাইডেনৰ এই মন্তব্য় ।

জ' বাইডেনৰ দলক ট্ৰাম্প নেতৃত্বৰ বাধা !
জ' বাইডেনৰ দলক ট্ৰাম্প নেতৃত্বৰ বাধা !
author img

By

Published : Dec 29, 2020, 12:53 PM IST

ইন্টাৰনেশ্য়নেল ডেস্ক, ২৯ ডিচেম্বৰ : আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ' বাইডেনৰ গুৰুতৰ অভিযোগ ডনাল্ড ট্ৰাম্পৰ শাসন ব্য়ৱস্থাৰ বিৰুদ্ধে । বাইডেনৰ মতে ট্ৰাম্পৰ প্ৰশাসনৰ জৰিয়তে ৰাষ্ট্ৰীয় সুৰক্ষাৰ যন্ত্ৰপাতিৰ যথেষ্ট ক্ষতি হৈছে । এজেঞ্চিৰ বিষয়া আৰু পৰৱৰ্তী দলৰ মাজত থকা যোগাযোগৰ বাধাই আমেৰিকাৰ সুৰক্ষা ব্য়ৱস্থাত ক্ষতি কৰিব । ৰাষ্ট্ৰীয় সুৰক্ষা আৰু প্ৰতিৰক্ষা দলৰ উপদেষ্টা, মনোনীত ৰাজ্য়ৰ সচিবসকলৰ লগত হোৱা এক আলোচনাৰ পিছতে এই মন্তব্য ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হোৱা জ' বাইডেনৰ ।

উইলমিঙটনৰ এক অনুষ্ঠানত তেওঁ কয় যে বাইডেনৰ দলে ৰক্ষা বিভাগ, প্ৰবন্ধকৰ কাৰ্যালয় আৰু বাজেটৰ ক্ষেত্ৰত তথ্য় সংগ্ৰহ কৰিবলৈ যাওতে বাধাৰ সন্মুখীন হবলগীয়া হৈছে । আনকি এতিয়ালৈ ট্ৰাম্পৰ প্ৰশাসনৰ পৰা সুৰক্ষা সম্বন্ধীয় একো তথ্য় লাভ কৰিব পৰা নাই বুলিও কলে বাইডেনে । বাইডেনৰ মতে এয়া দায়িত্বজ্ঞানহীনতাৰ বাহিৰে একো হ'ব নোৱাৰে । বিৰোধীয়ে যাতে সুৰক্ষা বিভাগৰ বাজেটৰ ক্ষেত্ৰত একো লুকোৱাব নোৱাৰে তাৰ বাবে বাইডেনে তেওঁৰ দলৰ পূৰ্ণ হস্তক্ষেপ বিচাৰিছে ।

তেওঁ ইয়াকো অভিযোগ উত্থাপন কৰে যে ট্ৰাম্পৰ শাসন কালত ৰাষ্ট্ৰীয় সুৰক্ষা ব্য়ৱস্থাৰ যথেষ্ট ক্ষতি হৈছে । তেওঁৰ মতে ট্ৰাম্পৰ সময়চোৱাত বিষয়াসকলৰ মনোবল, ক্ষমতাৰ ক্ষেত্ৰটো ৰাজনৈতিক নেতৃত্বৰ বাধাই বহু পৰিমাণে ক্ষতি কৰিছে যিটোৱে আমেৰিকাৰ নাগৰিকৰ সুৰক্ষা প্ৰদানত আগন্তুক বাইডেনৰ চৰকাৰখনৰ যথেষ্ট অসুবিধা হ'ব ।

লগতে পঢ়ক : ট্ৰাম্পৰ প্ৰতিৰক্ষা ভেট'ত অভাৰৰাইড ভোট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.