ETV Bharat / international

জীৱাশ্ম ইন্ধন শেষ কৰাক লৈ স্পষ্টীকৰণ বিচাৰিলে জ' বিদেনে - ৰিপাব্লিকান পাৰ্টীৰ প্ৰাৰ্থী জ' বিদেন

ৰিপাব্লিকান পাৰ্টীৰ প্ৰাৰ্থী জ' বিদেনৰ সহযোগীয়ে কয় যে, বিদেনে জীৱাশ্ম ইন্ধনৰ ছাবছিডি শেষ হোৱা বিষয়ত স্পষ্টীকৰণ বিচাৰিছে। কেৱল উদ্যোগেই নহয়, তেলৰ ৰূপান্তৰকৰণৰো বিষয় উত্থাপন কৰিছে ৷ জীৱাশ্ম ইন্ধনৰ পৰিৱৰ্তে সময়ৰ প্ৰয়োজন সাপেক্ষে নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ কৰা উচিত আৰু ই আমেৰিকাক নেট জিৰ' নি:সৰণৰ ক্ষেত্ৰত সহায় কৰিব ৷ আন্ত:ৰাষ্ট্ৰীয় সংবাদ মাধ্যম বিবিচিয়ে প্ৰচাৰ কৰা এক বাতৰিত এই কথা প্ৰকাশ ৷

Biden seeks to clarify remark on ending oil
ড'নাল্ড ট্ৰাম্প বনাম জ' বিদেন
author img

By

Published : Oct 24, 2020, 11:59 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৪ অক্টোবৰ: আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যম বিবিচিয়ে শনিবাৰে ৰিপাব্লিকান পাৰ্টীৰ প্ৰাৰ্থী জ' বিদেনৰ সহযোগীৰ ভাষ্য এক বাতৰিযোগে প্ৰচাৰ কৰিছে ৷ ইয়াত সহযোগীগৰাকীয়ে কয় যে, জীৱাশ্ম ইন্ধনৰ ছাবছিডি শেষ কৰাক লৈ বিদেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কেৱল উদ্যোগেই নহয়, তেলৰ ৰূপান্তৰকৰণৰো বিষয়তো মত প্ৰকাশ কৰিছে। ৰিপাব্লিকান পাৰ্টীৰ বিষয়াগৰাকীয়ে কয় যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে কৰ'ণা মহামাৰীয়ে কৰা ভয়াৱহ পৰিস্থিতিৰে মোকাবিলা কৰাতো বিফল হৈছে ৷ ট্ৰাম্পে সকলো আমেৰিকাৰ ওপৰতে এৰি দিছে ৷

আনহাতে, ৰাষ্ট্ৰপতি নিৰ্বাচন প্ৰসংগত তেওঁ কয় যে বিদেন নিৰ্বাচনত জয়ী হোৱাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ৷ ইতিমধ্যে ৰাষ্ট্ৰপতীয় তৰ্কৰ অনুষ্ঠান সমাপ্ত হৈছে। অহা ৩ নৱেম্বৰত নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটদান ৷ প্ৰায়বোৰ সমীক্ষাতে বিদেন ৰাষ্টপতি পদৰ যুঁজত ট্ৰাম্পতকৈ আগবাঢ়ি আছে ৷

নেশভাইলত বৃহস্পতিবাৰে ট্ৰাম্পে প্ৰতিদ্বন্দীক প্ৰশ্ন কৰে যে, "আপুনি তেল উদ্যাগ বন্ধ কৰি দিব নেকি? মই তেল উদ্যোগৰ ৰূপান্তৰকৰণ কৰিম ৷" বিদেনে ইয়াৰ প্ৰত্যুত্তৰত কয় যে, "তেল উদ্যাগে প্ৰদূষণৰ মাত্ৰা যথেষ্ট বৃদ্ধি কৰে। জীৱাশ্ম ইন্ধনৰ পৰিৱৰ্তে সময়ৰ প্ৰয়োজন সাপেক্ষে নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ কৰা উচিত আৰু ই আমেৰিকাক নেট জিৰ' নি:সৰণৰ ক্ষেত্ৰত সহায় কৰিব ৷"

বিদেনৰ এই পৰিকল্পনাক লৈ ৰিপাব্লিকান পাৰ্টীৰ সকলো উৎসাহিত হৈ পৰিছে বুলি বিদেনৰ সহযোগীগৰাকীয়ে বিবিচিৰ বাতৰিত মন্তব্য কৰা দেখা গৈছে ৷

লগতে পঢ়ক: গাজাৰ হামাছৰ ঠিকনাত ইজৰাইলী বিমানৰ আক্ৰমণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.