ETV Bharat / international

ট্ৰাম্পৰে যোগাযোগৰ পৰিকল্পনা নাই বাইডেনৰ - হোৱাইট হাউচ - ট্ৰাম্পৰে যোগাযোগৰ পৰিকল্পনা নাই বাইডেনৰ - হোৱাইট হাউচ

আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি জ' বাইডেনৰ সদ্যহতে ট্ৰাম্পৰে যোগাযোগৰ পৰিকল্পনা নাই । হোৱাইট হাউচৰ তৰফৰ পৰা এই কথা সদৰী । হোৱাইট হাউচ বিদায় লোৱাৰ পূৰ্বে ট্ৰাম্পে অভেল কাৰ্যালয়ত বাইডেনলৈ এখন পত্ৰ লিখি থৈ যায় ।

ট্ৰাম্পৰে যোগাযোগৰ পৰিকল্পনা নাই বাইডেনৰ

author img

By

Published : Jan 22, 2021, 3:14 PM IST

নিউজ ডেস্ক, ২২ জানুৱাৰী: মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৪৬ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে জ'বাইডেনে শপত গ্ৰহণৰ লগে লগে অন্ত পৰিল মাৰ্কিন ৰাজনীতিৰ আটাইতকৈ সংঘাতপূৰ্ণ ট্ৰাম্প প্ৰশাসনৰ কাৰ্যকাল । জ' বাইডেনৰ সদ্যহতে ট্ৰাম্পৰে যোগাযোগৰ পৰিকল্পনা নাই বুলি বৃহস্পতিবাৰে হোৱাইট হাউচৰ প্ৰেছ সচিব জেন ছাকীয়ে জানিবলৈ দিয়ে ।

হোৱাইট হাউচৰ পৰা বিদায় লোৱাৰ পূৰ্বে ট্ৰাম্পে অভেল কাৰ্যালয়ত বাইডেনলৈ এখন পত্ৰ লিখি থৈ যায় । বাইডেনৰ শপত গ্ৰহণ অনুষ্ঠানত ট্ৰাম্প উপস্থিত নাছিল । এই সন্দৰ্ভত সংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত জেনে নিজৰ মন্তব্য আগবঢ়ায় ।

ইফালে বাইডেনে ট্ৰাম্পে লিখা পত্ৰ সন্দৰ্ভত কয় 'ট্ৰাম্পে মোলৈ এখন উদাৰচিতীয়া পত্ৰ লিখিছে । এইটো একান্তই ব্যক্তিগত । যেতিয়ালৈকে মই তেওঁৰ সৈতে কথা নাপাতো তেতিয়ালৈ ইয়াৰ বিষয়ে একো মন্তব্য আগনবঢ়াও' ।

ট্ৰাম্পে তেওঁৰ শেষ কাৰ্যকালত কেবাটাও স্থায়ী পৰম্পৰা নীতি ভংগ কৰা পৰিলক্ষিত হয় । আমেৰিকা ৰাষ্ট্ৰপতি নিৰ্বাচনত জ' বাইডেন জয়ী হোৱাত ট্ৰাম্পৰ সমৰ্থকসকলে হোৱাইট হাউচত হিংসাত্মক ঘটনাৰ সৃষ্টি কৰে ।

লগতে পঢ়ক: ট্ৰাম্প প্ৰশাসনৰ কাৰ্যকালৰ পাচত ভি অ এৰ অপসাৰণ প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.