ETV Bharat / international

হোৱাইট হাউচত বাইডেনৰ অধিকাৰে গ্ল'বেল অৰ্থনীতিৰ বাবে ভাল খবৰ অনাৰ আশা

author img

By

Published : Dec 8, 2020, 11:07 AM IST

গ্ল'বেল বাণিজ্য বিশেষজ্ঞ আৰু অৰ্থনীতিবিদসকলৰ মতে সংযুক্ত ৰাষ্ট্ৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হিচাপে বাইডেন প্ৰশাসনে গ্ল'বেল অৰ্থনীতি আৰু বাণিজ্যৰ বাবে যথেষ্ট আশাৰ বতৰা কঢিয়াই আনিব ৷ অৱশ্যে ৰিপ্লাবিকানৰ দ্বাৰা চিনেট নিয়ন্ত্ৰিত হ'লে এইক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰি কাৰ্যত পৰিণত কৰাটো কঠিন হ'ব বুলিও বিশেষজ্ঞ সকলে মত পোষণ কৰিছে ৷

Biden at White House will be better for global economy
হোৱাইট হাউচত বাইডেনৰ অধিকাৰে গ্ল'বেল অৰ্থনীতিৰ বাবে ভাল খবৰ অনাৰ আশা

নেশ্যনেল ডেস্ক, 8 ডিচেম্বৰ: হোৱাইট হাউচৰ বাবে সংযুক্ত ৰাষ্ট্ৰত অব্যাহত থকা তীব্ৰ ৰাজনৈতিক প্ৰতিদ্বন্দিতাৰ মাজতে বাইডেন প্ৰশাসনক লৈ বাণিজ্য বিশেষজ্ঞ আৰু অৰ্থনীতিবিদসকলৰ বিশেষ মন্তব্য ৷ অৰ্থনীতিবিদ আৰু বাণিজ্য বিশেষজ্ঞসকলৰ মতে সংযুক্ত ৰাষ্ট্ৰৰ পৰৱৰ্তীগৰাকী ৰাষ্ট্ৰপতি হিচাপে জ' বাইডেনৰ পৰা গ্ল'বেল অৰ্থনীতি তথা বাণিজ্যৰ ক্ষেত্ৰৰ বাবে যথেষ্ট ভাল পৰিৱৰ্তন আশা কৰিব পাৰি ৷

মালেচিয়াৰ এচিয়া স্কুল অফ বিজনেছ ইন কোৱালা লোম্পোৰ অৰ্থনীতিৰ এগৰাকী প্ৰবক্তা হন্স জেনবাৰ্গে কয় যে, যদিও সংযুক্ত ৰাষ্ট্ৰৰ বৰ্তমানৰ পৰিৱেশ সকলোৰে বাবে এক বিড়ম্বনা তথাপি তেওঁ আশা কৰে যে অৰ্থনৈতিক ক্ষেত্ৰখনলৈ এক পৰিৱৰ্তন আহিব ৷ এক অনুষ্ঠানত উপস্থিত থাকি দৰ্শকক উদ্দেশ্যি তেওঁ কয় যে সংযুক্ত ৰাষ্ট্ৰৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত বাইডেনৰ প্ৰশাসনে গ্ল'বেল অৰ্থনীতিত এক যোগাত্মক প্ৰভাৱ পেলাব ৷

ইটিভি ভাৰতৰ এক প্ৰশ্নত জেনবাৰ্গে মন্তব্য কৰে যে বিশ্বৰ অৰ্থনৈতিক উন্নয়নৰ বাবে আন্তঃৰাষ্ট্ৰীয় ব্যৱসায় এক গুৰুত্বপূৰ্ণ চালিকা শক্তি ৷ আগশাৰীৰ অৰ্থনীতিবিদ সকলো এই লৈ আশাবাদী যে বাইডেন প্ৰশাসনে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰি অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে চেষ্টা কৰিব ৷

অৱশ্যে ৰিপাব্লিকানৰ দ্বাৰা চিনেট পৰিচালনা হ'লে বাইডেন প্ৰশাসনৰ বাবে এইক্ষেত্ৰত আগবঢ়াতো সহজ ন'হব বুলি উল্লেখ কৰি তেওঁ কয় যে বিত্তীয় ক্ষেত্ৰত লোৱা সিদ্ধান্তৰ বাবে চিনেটৰ অনুমোদনৰ প্ৰয়োজন হয় ৷ এনেক্ষেত্ৰত ৰিপাব্লিকানৰ দ্বাৰা চিনেট নিয়ন্ত্ৰণ হ'লে যিকোনো ধৰণৰ আঁচনি গ্ৰহণ কৰি কাৰ্যত পৰিণত কৰাটো এক কঠিন প্ৰক্ৰিয়া হ'ব ৷ কিন্তু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ক্ষেত্ৰত বাইডেন প্ৰশাসনে যি স্থিৰতা আনিব সেই স্থিৰতাই গ্ল'বেল অৰ্থনীতিত সকৰাত্মক প্ৰভাৱ পেলাব বুলি জেনবাৰ্গে ইটিভি ভাৰতৰ আগত আশা প্ৰকাশ কৰে ৷

লগতে পঢ়ক: ফ্ৰান্সৰ সন্ত্ৰাসবাদ বিৰোধী যুঁজৰ বাবে ভাৰতৰ সমৰ্থনৰ আশ্বাস নৰেন্দ্ৰ মোডীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.